সংগঠন বিৰোধী কাৰ্যত জৰিত থকাৰ অপৰাধত আলফা (স্বা) -এ মৃত্যুদণ্ড বিহিলে এজন আলফা সদস্যক । এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আলফাই (স্বা)সদস্য জনক মৃত্যুদণ্ড বিহাৰ কথা স্বীকাৰ কৰিছে ।আলফাই (স্বা) বিবৃতিটোত এনেদৰে প্ৰকাশ কৰিছে ’যোৱা ২৮ জুলাইত ইষ্টাৰ্ণ কমাণ্ড মুখ্য কাৰ্যালয়স্থিত কৰ্প’ৰেল ৰিহন অসম ওৰফে ছাইফুল ইছালামে (পিতৃ- কলিম উদ্দিন মণ্ডল, গাঁও- বাউৰাৰতল, থানা- লক্ষীপুৰ, জিলা- গোৱালপাৰা) নিশা ৮ বজাত পলায়ন কৰে ।
কিন্তু পিছদিনা পুৱা ৫ বজাত আলফাৰ টহলদাৰী গোটে তেওঁক কৰায়ত্ত কৰে ।উক্ত অপৰাধৰ বাবে ৯ আগষ্টৰ পৰা ১০ আগষ্টলৈ সদস্যগৰাকীৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হয় নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত । উক্ত বিচাৰ সদনত সদস্যজনে নিজৰ অপৰাধ স্বীকাৰ কৰি ভৱিষ্যতে আত্মসংশোধনৰ জৰিয়তে সংগঠনত সেৱা আগবঢ়াই যাব বুলি সদিচ্ছা ব্যক্ত কৰি তেওঁ লিখিত তথা দৃশ্য-শ্ৰাব্য প্ৰতিশ্ৰুতি প্ৰদান কৰে । সেয়েহে তেওঁৰ সকলো দিশ বিবেচনা কৰি লঘু শাস্তি প্ৰদানেৰে তেওঁক পুনৰ আলফাত সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰা হয় ।কিন্তু সদস্যজনে পুনৰ ২৩ আগষ্টত পলায়ন কৰে যদিও সেইদিনা আবেলিয়ে তেওঁক পুনৰ কৰায়ত্ত কৰা হয় ।
কিন্তু তেওঁক মুখ্য কাৰ্যালয়লৈ আনি থকাৰ পথত আচম্বিতে পুনৰ পাহাৰৰ থিয় গৰাৰে জঁপিয়াই পলায়নৰ চেষ্টা কৰে । এনেদৰে তৃতীয়বাৰ পলায়নৰ চেষ্টা কৰাৰ পিছত পুনৰ ২৫ আগষ্টত কৰায়ত্ত কৰা হয় ।পিছত যোৱা ৩০ আগষ্টত পুনৰবাৰ নিম্ন বিচাৰ সদনৰ অধ্যক্ষতাত অনুষ্ঠিত আন এক বিচাৰ সদনত ৰিহন অসমে একাধিক দোষ স্বীকাৰ কৰে । লগতে একাংশ আৰক্ষী বিষয়াৰ লগত সংগোপনে জড়িত হৈ নাগা মুক্তাঞ্চললৈ অহাৰ কথা অকপটে স্বাকীৰ কৰে । লগতে তেওঁ স্বীকাৰ কৰে যে স্বদেশ প্ৰেমত উদ্বুদ্ধ হৈ নহয়, কেৱল ব্যক্তিগত স্বাৰ্থ আৰু প্ৰতিশোধ পূৰণৰ বাবেহে তেওঁ সংগঠনত যোগদান কৰিছিল ।
সেয়ে অপৰাধীৰ এনে দ্বিধাহীন স্বীকাৰোক্তিৰ ভিত্তিত সংগঠনৰ সংবিধানৰ নিয়ম অনুযায়ী ষড়যন্ত্ৰমূলক আত্মসমৰ্পণৰ চেষ্টা চলোৱা, প্ৰতি বিপ্লৱী কাৰ্যত জড়িত হোৱা, সহযোগীক বিপথে পৰিচালিত কৰাৰ অপৰাধত সদস্যজনৰ বিৰুদ্ধে মৃত্যুদণ্ড ঘোষণা কৰা হয়’ ।