ভোটৰ স্বাৰ্থতেই নে সঁচাকৈয়ে মনৰ কথা ক’লে মুখ্য মন্ত্ৰী সোণোৱালে?

05-12-18 Silchar- CM panchyut election campaigning (3)

বৰাকত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : ইউ বি

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চাৰিওফালে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মূহুৰ্ততো জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে নিমাতী কন্যাৰ ৰূপ লৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাত। তাৰ বিপৰীতে বৰাকবাসীক সন্তুষ্ট কৰিবলৈ বিধেয়কৰ সপক্ষে বৰাকত মুখ খুলিলে মুখ্য মন্ত্ৰী সোণোৱালে। ব্ৰহ্মপুত্ৰ উপত্যকাত জাতিধ্বংসী বিধেয়কক লৈ নিশ্চুপ হৈ থাকিলেও বৰাক উপত্যকাত মাত ওলোৱা  মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেতবোৰ মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে, জাতিধ্বংসী বিধেয়কক লৈ সোণোৱালে ‘অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰাকৈ কোনো সিদ্ধান্তই লোৱা নহয়’ বুলি মন্তব্য কৰাৰ বিপৰীতে বৰাক উপত্যকাৰ বাঙালী লোকসকলক শংকিত নহ’বৰ বাবে অভয়বাণী শুনায় মুখ্য। প্ৰশ্ন হয় ভোটৰ স্বাৰ্থতেই নে সঁচাকৈয়ে মনৰ কথা ক’লে মুখ্য মন্ত্ৰী সোণোৱালে?

তদুপৰি লক্ষীপুৰ সমষ্টিৰ কয়লাপুলত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এনআৰচিৰ বাবে অলপো শংকিত নহ’বৰ বাবে আহ্বান জনায় বৰাকবাসীক।

তাৎপৰ্য্যপূৰ্ণভাৱে বিধেয়কক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকা জাতীয় দল-সংগঠনক লৈ শংকিত নহ’বলৈ বৰাকবাসীক তেওঁ অনুৰোধ জনায়। তেওঁ কয়, ‘বিধেয়কক লৈ কিছুমান অপশক্তিয়ে আপোনালোকক ভয় খুৱাইছে। আপোনালোক কেতিয়াও শংকিত নহ’ব।‘

‘বৰাকবাসীৰ নিৰাপত্তা ৰক্ষাৰ দায়িত্ব বিজেপি চৰকাৰৰ।‘ বৰাকবাসীৰ প্ৰতি এই আশ্বাস সোণোৱালৰ।

বৰাকবাসীক উদ্দেশ্যি সোণোৱালে লগতে কৈছিল, ‘বৰাকবাসীৰ আশীৰ্বাদত এই অভাজন মুখ্য মন্ত্ৰী হৈছে। মই আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম।‘

বৰাক উপত্যকাত সোণোৱালৰ এনেবোৰ মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা বতৰাত অনুসূচীত যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কয়, ‘সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত ভোটৰ ৰাজনীতিৰে বৰাক-ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত অসমীয়া জাতীয় জীৱনলৈ ভয়াবহ বিষবাস্প বিয়পাই দিছে।‘

‘অসমীয়া ৰাইজে এনেকুৱা জাতিধ্বংসী কামৰ বাবে আগবঢ়াৰ বাবে জাতীয় নায়কৰ পৰা জাতীয় খলনায়ক আখ্যা দিছে। তেওঁ বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত বিভাজন ঘটাই কেৱল পঞ্চায়ত নিৰ্বাচনত বাঙালী ভোটৰ আশাত নিকৃষ্ট আৰু সস্তীয়া ৰাজনীতিৰ আশ্ৰয় লৈছে। ই কেৱল গৰিহনাৰ যোগ্য নহয়, ই ক্ষমাৰো অযোগ্য।‘ এই মন্তব্য দাসৰ।

তদুপৰি, সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰীয়ে সোণোৱালৰ এই মন্তব্যৰ ঘোৰ বিৰোধিতা কৰাৰ লগতে গৰিহনাও দিয়ে।

তেওঁ কয়, ‘মুখ্য মন্ত্ৰীৰ এনেবোৰ বক্তব্য অতিশয় দুৰ্ভাগ্যজনক। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কোনো গুৰুত্ব নাথাকিব।‘

আনহাতে, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়, ‘খিলঞ্জীয়াৰ স্বাৰ্থৰ কথা নাভাৱে সোণোৱালে। তেওঁ বৰ্তমান হিন্দু বাংলাদেশীৰ প্ৰেমত ডুব গৈ আছে।‘

প্ৰণিধানযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ব্ৰহ্মপুত্ৰ উপত্যকাত সাংবাদিকৰ পৰাও পলায়নবাদী ভূমিকা পালন কৰিছিল মুখ্য মন্ত্ৰী সোণোৱালে।