সোণোৱাল-হিমন্তৰ প্ৰতাৰণা! অৱশেষত তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ কাম বন্ধ কৰিলে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই
তাঁতশালত অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ‘গুণমালা’, ‘নামঘোষা’ আৰু ‘শ্ৰীমদ্ভাগৱত গীতা’ বৈ উলিয়াই নিজৰ অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিছিল মৰাণৰ শিপিনী তথা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই। কিন্তু বৰ্তমান এইগৰাকী বিশিষ্ট শিপিনী চৰম হতাশাত ভুগিছে। নিজৰ কষ্টেৰে বৈ উলিওৱা ধৰ্মগ্ৰন্থসমূহৰ পাঁচখন বৰ্ণবস্ত্ৰ উপযুক্তভাৱে সংৰক্ষণ কৰাক লৈ তেওঁ এতিয়া চিন্তিত হৈ পৰিছে। এই চিন্তাৰ বাবেই তেওঁ বৰ্তমান ইংৰাজী আৰু হিন্দী ভাষাত বৈ থকা ‘নামঘোষা’ৰ কাম আধাতে বন্ধ কৰি দিবলৈ বাধ্য হৈছে।
বৰ্ণবস্ত্ৰৰ ৰূপত বৈ উলিওৱা এই আপুৰুগীয়া ধৰ্মগ্ৰন্থসমূহ বিজ্ঞানসন্মতভাৱে আৰু সুৰক্ষিত কৰি ৰাখিবলৈ এটা উন্নত মানদণ্ডৰ সংগ্ৰহালয়ৰ অতি প্ৰয়োজন। ইয়াৰ বাবে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক নিজে সাক্ষাৎ কৰি আবেদন জনাইছিল। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁক মৌখিকভাৱে আশ্বাস দিছিল যদিও আজিলৈকে এইক্ষেত্ৰত কোনো উচিত পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল। চৰকাৰৰ এনে অৱহেলাৰ বাবেই ক্ষোভ আৰু হতাশাত ভুগি শিপিনীগৰাকীয়ে নিজৰ এই সৃষ্টিশীল কৰ্ম স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।
শেহতীয়াকৈ অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত মৰাণৰ অভয়পুৰত থকা তেওঁৰ বাসগৃহৰ কাষতে এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰু সংগ্ৰহালয় নিৰ্মাণৰ কাম চলি আছে। কিন্তু শিপিনীগৰাকীয়ে জানিবলৈ দিয়া মতে, এই সংগ্ৰহালয়টো এখন বৰ্ণবস্ত্ৰও সুৰক্ষিতভাৱে ৰাখিব পৰাকৈ উপযুক্ত নহয়। সেয়েহে অসমৰ এই অমূল্য সম্পদসমূহ বিজ্ঞানসন্মত পদ্ধতিৰে সংৰক্ষণ কৰিবলৈ এটা অত্যাধুনিক সংগ্ৰহালয় নিৰ্মাণৰ বাবে তেওঁ পুনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে। এতিয়া এই বিষয়টোত মুখ্যমন্ত্ৰীগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়তহে পোহৰলৈ আহিব।