• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাৰি দশকৰ বৌদ্ধিক যাত্ৰালৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি: কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ডিজিটেল ৰূপ পালে অসমৰ দুই জনপ্ৰিয় শিশু আলোচনীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2026 5:29 pm
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া শিশু সাহিত্যৰ জগতত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱা দুখন জনপ্ৰিয় আলোচনী ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ শেহতীয়াকৈ এক গোলকীয় শৈক্ষিক মঞ্চত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ এক যুটীয়া প্ৰকল্পৰ অধীনত এই দুয়োখন আলোচনীৰ প্ৰতিটো প্ৰকাশিত সংখ্যা এতিয়া কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ডিজিটেল ৰূপত সংৰক্ষণ কৰা হৈছে, যিয়ে সমগ্ৰ বিশ্বৰ গৱেষকসকলৰ বাবে অসমীয়া শিশু সাহিত্য অধ্যয়নৰ এক নতুন দুৱাৰ মুকলি কৰিছে।

যোৱা বছৰৰ পৰা আৰম্ভ হোৱা এই ডিজিটেলাইজেচন প্ৰক্ৰিয়াৰ জৰিয়তে আলোচনী দুখনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে প্ৰকাশিত সকলো সংখ্যা সুৰক্ষিত কৰা হৈছে। উল্লেখযোগ্য যে ১৯৮৪ চনৰ এপ্ৰিল মাহত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা ‘মৌচাক’ আলোচনীখনে ইতিমধ্যে ৪২ সংখ্যক বছৰত ভৰি দিছে আৰু প্ৰায় চাৰি দশক ধৰি ই অসমৰ শিশুসকলৰ মাজত কল্পনা, বিজ্ঞান মনস্কতা আৰু বৌদ্ধিক বিকাশৰ এক নিৰ্ভৰযোগ্য মাধ্যম হৈ আহিছে। একেদৰে, ‘নতুন আৱিষ্কাৰ’ আলোচনীখনেও দীৰ্ঘদিন ধৰি নৱপ্ৰজন্মৰ মাজত বৈজ্ঞানিক চিন্তাধাৰা আৰু সৃজনীশীলতাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Apply Now

আলোচনী দুখনৰ এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সন্দৰ্ভত বিশিষ্ট শিশু সাহিত্যিক তথা আলোচনী দুখনৰ সম্পাদক শান্তনু তামূলীয়ে গভীৰ সন্তোষ প্ৰকাশ কৰিছে। শিশুসকলৰ মাজত “মৌচাক মামা” হিচাপে পৰিচিত তামূলীয়ে জানিবলৈ দিয়ে যে আলোচনী দুখনৰ সমৃদ্ধ সমল আৰু চাৰি দশকজোৰা নিৰৱচ্ছিন্ন যাত্ৰাই সমগ্ৰ বিশ্বৰ শিশু আলোচনীৰ তুলনাত্মক অধ্যয়নৰ ক্ষেত্ৰখনত শৈক্ষিক মহলক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে ইতিমধ্যে ভাৰতবৰ্ষৰ কেইবাগৰাকীও গৱেষক ছাত্ৰ-ছাত্ৰীয়ে এই আলোচনী দুখনৰ ওপৰত ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা অব্যাহত ৰাখিছে আৰু এই বৰ্ধিত শৈক্ষিক আগ্ৰহৰ ফলশ্ৰুতিতেই কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ মাজত এই ঐতিহাসিক বুজাবুজি সম্ভৱ হৈ উঠিছে।

বিগত কেইবা দশক ধৰি ‘মৌচাক’ আৰু ‘নতুন আৱিষ্কাৰ’ কেৱল দুখন আলোচনী হৈ থকা নাই, বৰঞ্চ ই অসমীয়া নৱপ্ৰজন্মৰ বৌদ্ধিক যাত্ৰাৰ এক জীৱন্ত দলিল হিচাপে পৰিগণিত হৈছে। সাহিত্য অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ আৰু বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত শান্তনু তামূলীৰ বলিষ্ঠ সম্পাদনাই এই যাত্ৰাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd