NORTHEAST NOW (Assamese)

শিৱসাগৰত আৰম্ভ সোণোৱাল কছাৰী-মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

January 21, 2019 11:22 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: January 21, 2019 11:23 am

শিৱসাগৰ জিলাত সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ দুটা সমষ্টিৰ নিবাৰ্চনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। ১৭ নং ৰজাবাৰী সমষ্টিত সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন মুঠ ১০ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। আনহাতে ৩৪ নং দিচাং-দিখৌ সমষ্টিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন মুঠ ২২ টা ভোট গ্ৰহণ কেন্দ্ৰত আনুষ্ঠিত হৈ আছে।

বিয়লি ৩ বজালৈকে অনুষ্ঠিত হ’বলগীয়া সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদত মুঠ ৪২৬২ গৰাকী ভোটাৰে ৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ১৭ নং ৰজাবাৰী সমষ্টিৰ পৰা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ সদস্য নিৰ্বাচনত কমল কছাৰীয়ে জাতীয় কংগ্ৰেছ দলৰ হৈ, যাদৱ ডেকাবৰুৱাই বিজেপি দলৰহৈ আৰু শুভ্ৰজিত সোণোৱালে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা  কৰিছে।

আনহাতে ৩৪ নং দিখৌ-দিচাং সমষ্টিৰ পৰা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সদস্য পদৰ বাবে ৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত ১৬২৩৮গৰাকী ভোটাৰে নিৰ্ণয় কৰিব। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত  অসম গণ পৰিষদৰ হৈ অনিতা য়েইন, বিজেপিৰ বৃষ্টি পাংগিং মিলি, কংগ্ৰেছৰ ৰেনুকা মিলি আৰু সন্মিলীত গণশক্তি অসমৰ হৈ নিভা পেগু মিলিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

Related News