অসমত নাগৰিকত্ব সংশোধনী বিধেয়কলৈ ব্যাপক প্ৰতিবাদ-আন্দোলন চলি থকাৰ মাজতে ভাৰত-বাংলাদেশৰ মাজত বিলাসী জাহাজ সেৱাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। বাংলাদেশী প্ৰব্ৰজনৰ বিৰুদ্ধে ৰাজ্যখনৰ দল-সংগঠনসমূহে আন্দোলনত ব্যস্ত থকাৰ সময়তে ভাৰত-বাংলাদেশৰ মাজত জল পৰিবহনৰ জৰিয়তে সুলভ হৈ পৰিব দুই দেশৰ নাগৰিকৰ যাতায়ত।
আনহাতে, ভাৰত-বাংলাদেশৰ মাজত এই জাহাজ সেৱাই বাংলাদেশী প্ৰব্ৰজনক অন্য ধৰণে উৎসাহিত কৰাৰ শংকাও দেখা গৈছে। অৱশ্যে দ্বিপাক্ষিক সহমতৰ আধাৰত আৰম্ভ কৰিব খোজা এই জাহাজ সেৱা সম্পৰ্কত ৰাজ্যখনৰ জাতীয় দল-সংগঠনসমূহে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যোৱা নাই।
অহা মে’ মাহৰ পৰা প্ৰথমবাৰৰ বাবে অসম-বেংগল নেভিগেশ্যন (এ বি এন) যোৰহাট-গুৱাহাটী-ঢাকা জলপথত আন্ত:ৰাষ্ট্ৰীয় জাহাজ সেৱাৰ চলাচল আৰম্ভ কৰিব। এ বি এনে দেওবাৰে ইয়াৰ চতুৰ্থখন জাহাজ এম ভি চৰাইদেও (২)ৰে ২০ গৰাকী ব্ৰিটেইন আৰু ইউৰোপৰ পৰ্যটকক লৈ গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ উভতি আহে।
চৰাইদেউ (২) জাহাজখন অত্যাধুনিকভাৱে সজোৱাৰ লগতে ইয়াত ১৪ টা ডাব’ল আৰু চাৰিটা ছিংগ’ল কেবিনকে ধৰি জিম, স্পা, চেলুন আদি সকলোবোৰ সুবিধাই উপলব্ধ। এই একেইখন জাহাজেই দুবছৰ ধৰি ঢাকালৈ যাব।
উল্লেখযোগ্য যে যোৱা অক্টোবৰত ভাৰত আৰু বাংলাদেশে কলকাতা-ঢাকা-গুৱাহাটী- যোৰহাটৰ মাজত নদী পথেৰে জাহাজ চলাচল আৰম্ভ কৰাৰ বাবে সন্মতি জনাইছিল। যাত্ৰী পৰিবহন আৰু জাহাজ চলাচলৰ বাবে ষ্টেণ্ডাৰ্ড অ’পাৰেটিং প্ৰচিডিউৰ চূড়ান্ত কৰা হৈছে আৰু ইয়াৰ বাবে দুয়ো পক্ষই সন্মতিও জনাইছে।
এবিএনৰ পৰিচালন সঞ্চালক আশীষ ফুকনে জানিবলৈ দিয়া মতে যাত্ৰীৰ বাবে মুকলি কৰি দিয়াৰ পাছত যোৰহাট-গুৱাহাটী-ঢাকা পথত জাহাজ চলাচল আৰম্ভ কৰা হ’ব। সকলোবোৰ ঠিকেঠাকে থাকিলে অহা মে’ মাহৰ পৰা এই জাহাজৰ চলাচল আৰম্ভ কৰা হ’ব। অৱশ্যে ইয়াৰ বাবে কেন্দ্ৰ আৰু বাংলাদেশ চৰকাৰৰ অনুমতিৰ প্ৰয়োজন।
তেওঁ লগতে জানিবলৈ দিয়ে যে প্ৰতিটো পৰ্যায়তে অনুমতিৰ প্ৰয়োজন যদিও দুয়োখন দেশৰ মাজত এই সন্দৰ্ভত চুক্তি সম্পন্ন হৈছে।
পোন্ধৰ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট কোম্পানীটোৱে ইতিমধ্যে ব্ৰহ্মপুত্ৰ আৰু গংগাত ইয়াৰ বিলাসী জাহাজ সেৱা আগবঢ়াই আহিছে। অসমত ইয়াৰ এম ভি ৰুদ্ৰসিংহ নামৰ এটা কোঠালিযুক্ত বিলাসী নৌকা সেৱা চলি আছে। ২০০৩ চনত ব্ৰহ্মপুত্ৰত আৰম্ভ কৰা এম ভি চৰাইদেওৰ সেৱাৰ বাবে কেন্দ্ৰীয় পৰ্যটন বিভাগৰ পৰা ৰাষ্ট্ৰীয় পৰ্যটন বঁটাও লাভ কৰিছে।
এম ভি চৰাইদেউ (২) হৈছে ইয়াৰ শেহতীয়া সকলো অত্যাধুনিক সম্ভাৰেৰে সজ্জিত আন্ত:ৰাষ্ট্ৰীয় মানদণ্ডৰ ব্ৰহ্মপুত্ৰত চলিবলগীয়া বিলাসী জাহাজ।
পৰিচালক সঞ্চালকগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে এই বিলাসী জাহাজ সেৱাৰ জৰিয়তে দেশী তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যটকসকলে মাজুলীকে ধৰি ইয়াৰ আশে পাশে থকা পৰ্যটনস্থলীসমূহৰ নান্দনিক সৌন্দৰ্যৰ লগতে ইয়াৰ ঐতিহাসিক সমলসমূহৰ দৰ্শন লাভ কৰিবলৈ সমৰ্থ হ’ব।
চৰাইদেও (২) বিলাসী জাহাজখনত অতিথি শুশ্ৰুষাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ ২৫ জন যুৱকক নিযুক্তি দিয়া হৈছে।