বিধেয়ক বিৰোধী আন্দোলনৰ মাজতে প্ৰধান মন্ত্ৰীক সাক্ষাতৰ বাবে দিল্লী অভিমুখে মুখ্য মন্ত্ৰী সোণোৱাল

modi-sonowal

উৎস-ইণ্টাৰনেট

আছুকে ধৰি বিভিন্ন দল সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আন্দোলন আৰম্ভ কৰাৰ সময়ত বুধবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মঙলবাৰে সন্ধিয়া সোণোৱালে নতুন দিল্লী অভিমুখে উৰা মাৰিব।

প্ৰধান মন্ত্ৰীৰ সৈতে বৈঠকৰ সময়ত সোণোৱালে কেন্দ্ৰ চৰকাৰ, এন এছ চি এন (আই এম)ৰ মাজৰ আলোচনা আৰু অসমত ইয়াৰ প্ৰভাৱ সম্পৰ্কেও আলোচনা কৰিব।

আছু, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্যৰ বিভিন্ন দল সংগঠনে পুনৰ নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদী কাৰ্য্যসূচী আৰম্ভ কৰিছে।

সংগঠন সমূহে অসমৰ গাঁৱে গাঁৱে গৈ মানুহক বিধেয়কখনৰ বিৰুদ্ধে সজাগ কৰিব বুলি ভাবুকি দিছে।

সোমবাৰে আছু আৰু অন্যান্য দল সংগঠনে বিধেয়কখনৰ বিৰোধিতাৰে প্ৰতিবাদী সমদলৰ লগতে ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰে।

আনহাতে, কেন্দ্ৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত চলি থকা নাগা চুক্তিৰ আলোচনা সম্পৰ্কত এতিয়ালৈ অসমত কোনোধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হোৱা নায়।

অসমৰ ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত কিছু পৰিমাণে নাগা জনবসতি থকাৰ বাবে অঞ্চলটোৰ লোক সকলে নাগা চুক্তিৰ ফলাফল সন্দৰ্ভত অনিশ্চয়তাত ভূগী আছে।

তদুপৰি, বৈঠকত সোণোৱালে এন আৰ এলক ব্যক্তিগতকৰণৰ প্ৰসংগতো প্ৰধান মন্ত্ৰী মোদীৰ সৈতে আলোচনা কৰিব।

বৈঠক কালত আলফা, এন ডি এফ বিৰ সৈতে শান্তি আলোচনা, বৃহৎ নদী বান্ধৰ প্ৰসংগই ঠাই পোৱাৰ সম্ভাৱনা আছে।