প্ৰৱাসী শ্ৰমিকৰ বাবে বাছৰ ব্যৱস্থা কৰিছে অভিনেতা চনু চুডে

মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰৰ পৰা অনুমতি লাভ কৰাৰ পিছতে অভিনেতা চনু চুডে লকডাউনৰ বাবে আৱদ্ধ হৈ থকা প্ৰৱাসী শ্ৰমিক সকলক নিজৰ ৰাজ্যলৈ ঘূৰাই পঠিওৱাৰ বাবে নিজাববীয়াকৈ বাছৰ ব্যৱস্থা কৰিছে।

ইতিমধ্যে আজি মহাৰাষ্ট্ৰৰ থানেৰ পৰা কৰ্ণাটকৰ গুলবৰ্গালৈ যাত্ৰা কৰিছে প্ৰথমখন বাছ। বাছখন ৰাওনা হোৱাৰ সময়ত শ্ৰমিক সকলক বিদায় জনাই অভিনেতা গৰাকীয়ে।

সংকটৰ সময়ত এনেধৰণৰ ব্যৱস্থা কৰাৰ প্ৰসংগত চ’নু চুডে কয়, ‍‘এই সংকটৰ সময়ত সকলোৱে নিজৰ নিজৰ পৰিয়ালৰ লগত থাকিব বিচাৰে। প্ৰৱাসী শ্ৰমিক সকলক ঘৰলৈ পঠিওৱাৰ বাবে মই মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰৰ লগত আলোচনা কৰি ১০ খন বাছৰ ব্যৱস্থ্যা কৰিছো’।

লগতে পঢ়ক : স্বাস্থ্য কৰ্মীসকলৰ বাবে অভিনেতা চনু চুডে খুলি দিলে নিজৰ বিলাসী হোটেল

তেওঁ লগতে কয়, ‍‘মহাৰাষ্ট্ৰ চৰকাৰৰ বিষয়া সকলৰ লগতে কৰ্ণাটক চৰকাৰে মোক এই ক্ষেত্ৰত বহুত সহায় কৰিছে। প্ৰৱাসী সৰু ল’ৰা-ছোৱালী আৰু বৃদ্ধসকলক ৰাস্তাত খোজকাঢ়ি থকা দেখি মোৰ বহুত দুখ লাগিছিল। মই মোৰ ক্ষমতা অনুসৰি অন্য ৰাজ্য সমূহৰ বাবেও এইধৰণ্‌ ব্যৱস্থা কৰি যাম’।

উল্লেখ্য যে বলিউদৰ এই গৰাকী অভিনেতাই অলপতে পঞ্জাৱৰ চিকিৎসকক ক’ভিড-১৯ ৰ বিপুদ্ধে যুঁজাত সহায়ক হোৱাৰ বাবে ১৫০০ পি পি ই কিটছ প্ৰদান কৰিছিল।

ইয়াৰ উপৰি তেওঁৰ জুহুস্থিত নিজৰ হোটেলখনো স্বাস্থ্য কৰ্মীসকলক কোৱাৰেণ্টাইনৰ বাবে প্ৰদান কৰাৰ ঘোষণা কৰিছিল।