মাৰ্চিডিজৰ খুন্দাত মৃত্যু হোৱা ২০ বছৰীয়া ‘ডেলিভাৰী বয়’ৰ পৰিয়ালক সহায় চনু চুডৰ

Sonu-Sood

লকডাউনৰ সময়ত দুখীয়া লোকসকলক সহায় কৰি দেশবাসীৰ প্ৰশংসাৰ পাত্ৰ হোৱা বলিউদ অভিনেতা চনু চুডৰ ভাল কামৰ তালিকাখন দীঘলীয়া হৈ গৈয়ে আছে।

ক’ৰ’না কালত, যিসকল দুৰ্ভগীয়া লোকে সামাজিক মাধ্যমৰ যোগেদি সহায় বিচাৰিছিল সেই লোকসকলক অন্তৰ খুলি সহায় কৰিছিল চনু চুডে।

এতিয়া তেওঁ এটা পৰিয়ালক আৰ্থিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।

জানিব পৰা মতে যোৱা বৃহস্পতিবাৰে নিশা এখন তীব্ৰ বেগী মাৰ্চিডিজ গাড়ীৰ খুন্দাত এজন ২০ বছৰীয়া যুৱকৰ মৃত্যু হয়।

অভিনেতাগৰাকীয়ে এই কথা জানিব পৰাৰ পিছতে মৃতকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে।

নিশা মুম্বাইৰ অন্ধেৰীস্থিত লোখণ্ডৱালা অঞ্চলত এজন জোমেটোৰ ডেলিভাৰী বয় সতীশ পাৰসনাথ গুপ্তাক এখন তীব্ৰ বেগী মাৰ্চিচিজে খুন্দিয়াই।

লগে লগে যুৱকজনক কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসা চলাৰ সময়ত তেওঁৰ মৃত্যু ঘটে।

দুৰ্ঘটনা সংঘটিত কৰা তৈফুৰ তনবীৰ শ্বেখ নামৰ ১৯ বছৰীয়া গাড়ী চালকজনক ওচিবাৰা আৰক্ষীয়ে আটক কৰি জিম্মাত লৈছে।

তনবীৰ শ্বেখে এখন অন্য গাড়ীক অভাৰটেক কৰিব গৈ এই দুৰ্ঘটনাটো সংঘটিত কৰা বুলি আৰক্ষীয়ে জনায়।

আৰক্ষীয়ে শ্বেখৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৭৯, ৩০৪ (এ) আৰু মটৰ ভেহিকেল আইনৰ ১৯৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে চনু চুডে সতীশৰ পৰিয়ালৰ সৈতে ফোনযোগে কথা পতাৰ লগতে পৰিয়ালৰ লোকক আৰ্থিক সাহায্য প্ৰদানৰ কথাও কয়।