সমালোচনাৰ সন্মুখীন দৈনিক প্ৰশংসিত চনু সুদ: ৰে’ল বিভাগে আগবঢ়ালে পৰামৰ্শ

Sonu Sood

বলীউডৰ জনপ্ৰিয় অভিনেতা তথা সমাজকৰ্মী চনু সুদ যোৱা কেটামান বৰ্ষত ভাৰতবাসীৰ নয়নৰ মণি হৈ পৰিছে। বিশেষ লক ডাউনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত থকা শ্ৰমিকসকলক নিজ বাসগৃহলৈ প্ৰেৰণ কৰিবলৈ অভিনেতাগৰাকীয়ে লোৱা প্ৰচেষ্টাই সকলোকে মোহিত কৰিছিল।

ইয়াৰ পিছতো অভিনেতাগৰাকীয়ে বিভিন্ন সমাজসেৱামূলক তথা মানৱদৰদী কাম-কাজেৰে সকলোৰে প্ৰশংসা বুটলিছে। এনে কৰ্মসমূহৰ বাবে কেৱল দেশতে নহয়, বিশ্বজুৰি চনু সুদে লাভ কৰিছে ব্যাপক প্ৰশংসা।

পিছে দৈনিক প্ৰশংসিত চনু সুদ শেহতীয়াকৈ সন্মুখীন হৈছে সমালোচনাৰ। অভিনেতাগৰাকীক সমালোচনা কৰি দেশৰ ৰে’ল বিভাগে তেওঁক পৰামৰ্শও আগবঢ়াইছে। এক বিশেষ কৰ্মৰ বাবে এইদৰে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে অভিনেতাগৰাকী।

যোৱা বৰ্ষৰ ১৩ ডিচেম্বৰত চনু সুদে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল এক ভিডিঅ’। ভিডিঅ’টোত তেওঁক চলন্ত ৰে’ল এখনৰ এটা ডবাৰ দৰ্জাত ধৰি বহি যোৱা দেখিবলৈ পোৱা গৈছিল।

ভিডিঅ’টোৰ প্ৰতি তেওঁৰ অনুৰাগীসকলে যথেষ্ট সঁহাৰি জনোৱাৰ লগতে কমেণ্টত বহু লোকে অভিনেতাগৰাকীক নানা বিপদৰ সন্মুখীন হোৱা লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱাও পৰিলক্ষিত হয়।

শেহতীয়াকৈ এই ভিডিঅ’টো ৰে’ল বিভাগৰ দৃষ্টিগোচৰ হয় আৰু বুধবাৰে নৰ্দাৰ্ণ ৰেলৱেই ভিডিঅ’টো ৰি-টুইট কৰি এইদৰে যাত্ৰা কৰাৰ বাবে সুদক সমালোচনা কৰি এনে কাৰ্যক বিপজ্জনক বুলি সোঁৱৰাই দিয়ে আৰু লগতে পুনৰ এনে নকৰিবলৈও পৰামৰ্শ দিয়ে।

 

তেওঁক ভাৰতবাসীৰ বাবে এক আদৰ্শ আখ্যা দি নৰ্দাৰ্ণ ৰেলৱেই লগতে তেওঁৰ এনে ভিডিঅ’ই দেশবাসীক ভুল বাৰ্তা দিব বুলি টুইটটোত উল্লেখ কৰে।

নৰ্দাৰ্ণ ৰে’লৱেই টুইটটোত কয়, “প্ৰিয় চনু সুদ, আপুনি দেশ আৰু বিশ্বৰ লাখ লাখ মানুহৰ বাবে আদৰ্শ। ৰে’লৰ পায়দানত যাত্ৰা কৰাটো বিপজ্জনক আৰু এই ধৰণৰ ভিডিঅ’ই আপোনাৰ অনুৰাগীলৈ ভুল বাৰ্তা প্ৰেৰণ কৰিব পাৰে। অনুগ্ৰহ কৰি এই কাম নকৰিব! এক সুগম আৰু নিৰাপদ যাত্ৰা উপভোগ কৰক।”

মুম্বাই ৰেলৱে আৰক্ষী আয়ুক্তইও এনে কাৰ্যক বিপজ্জনক বুলি উল্লেখ কৰি বাস্তৱ জীৱনত এনে কাৰ্য নকৰিবলৈ অভিনেতাগৰাকীক সকীয়াই দিয়ে।