২২ জুনৰ পৰা অম্বুবাচী মেলা, প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে জাৰী কৰিছে SOP

সমাগত অম্বুবাচী মেলা। ২২ জুনৰ নিশাৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা। কামাখ্যা ধামৰ পৰিচালনা সমিতিৰ লগতে অম্বুবাচী মেলাৰ বাবে সাজু হৈ উঠিছে মহানগৰ আৰক্ষী প্ৰশাসন।

এনে প্ৰেক্ষাপটতে কামাখ্যা ধামৰ অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে ঘোষণা কৰিছে কেইবাটাও নিয়ম। এক জাননীযোগে এই নিয়মসমূহ জাৰি কৰিছে পৰিচালনা সমিতিয়ে।

অম্বুবাচীৰ কেইদিনত কামাখ্যাত সমাগম হোৱা প্ৰচণ্ড ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কণ-কণ শিণ্ড, বৃদ্ধ বা অসুস্থ ব্যক্তিক পৰাপক্ষত অহাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাইছে অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে।

যিহেতু নীলাচল পাহাৰ এক ধপাত মুক্ত অঞ্চল, সেয়েহে এই ক্ষেত্ৰত সকলো দৰ্শনাৰ্থীকে মাদক দ্রব্য সেৱন কৰি দেৱালয়ত প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে সমিতিয়ে।

আনহাতে অম্বুবাচী মহাযোগৰ সময়ত তীৰ্থযাত্ৰীৰ বাবে ২৪ ঘণ্টীয়া পানী, বিদ্যুৎ, স্বাস্থ্যসেৱা, শৌচালয়, চাফাই, নিৰাপত্তা পৰ্য্যাপ্ত পৰিমানৰ ৰাখিবৰ বাবে প্ৰশাসনক অনুৰোধ জনোৱা হৈছে।

ইফালে মঙলবাৰে গুৱাহাটী যান-বাহন আৰক্ষীয়ে অম্বুবাচীৰ সময়ত ২২ জুনৰ পৰা ২৬ জুনলৈ মানি চলিবলগীয়া নিয়ম জাৰি কৰে।

গুৱাহাটীৰ যান-বাহন বিভাগৰ উপ-আৰক্ষী আয়ুক্তই জাৰি কৰা এক আনুষ্ঠানিক অধিসূচনা মতে, “২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যাৰ পাদদেশৰ পৰা কামাখ্যা মন্দিৰ অভিমুখে ভাড়া গাড়ী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত যান-বাহন আৰু কামাখ্যা মন্দিৰ আৰু জিলা প্ৰশাসনৰ অনুমোদিত স্থানীয় বাসিন্দাৰ কেইখনমান বাহনৰ বাহিৰে কোনো যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব।”

লগতে অধিসূচনাত আছে,  “২২ জুনৰ পৰা ২৬ জুনলৈ ডি জি ৰোড আৰু এম জি ৰোডত গধুৰ, মজলীয়া আৰু ক্ষুদ্ৰ সামগ্ৰী  কঢ়িয়াই অনা কোনো বাণিজ্যিক বাহন চলাচল কৰিব নোৱাৰিব।”

যান-বাহন বিভাগৰ উপ-আৰক্ষী আয়ুক্তই জনোৱা মতে আন্তঃজিলা আৰু দীৰ্ঘ দূৰত্বৰ বাছসমূহ  ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডত চলাচল কৰিব নোৱাৰিব।

মালিগাঁও ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে কামাখ্যা গেটৰ ওচৰত ভক্তসকলক নমাই ভৰালুমুখ অভিমুখে গতি কৰিব আৰু সোণাৰাম ফিল্ডত গাড়ী ৰখাব লাগিব।

ইফালে ভৰালুমুখ ফালৰ পৰা কামাখ্যা গেটৰ দিশে অহা বাহনসমূহে কামাখ্যা গেটৰ ওচৰত ভক্তসকলক নমাই আদাবাৰী অভিমুখে গৈ বৰিপাৰা ফিল্ড বা আদাবাৰী বাছ ষ্টেণ্ডত বাহন সমূহ ৰখাব লাগিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

লগতে, প্ৰশাসনৰ নিৰ্দেশ মতে পাণ্ডু মন্দিৰ ঘাটৰ পৰা কামাখ্যা মন্দিৰলৈ নতুনকৈ নিৰ্মিত পথত কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব।