বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

Sourav-Ganguly

পুনৰ অসুস্থ হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী।

জানুৱাৰী মাহৰ প্ৰথম ভাগতে হৃদৰোগত আক্ৰান্ত হোৱা গাংগুলীক চিকিৎসাধীন কৰোৱা হৈছিল যদিও হৃদযন্ত্ৰৰ এটা অস্ত্ৰোপচাৰৰ পিছতে তেওঁ সুস্থ হৈ উঠিছিল।

ইয়াৰ পিছতে তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। আজি পুনৰ তেওঁ হঠাতে বুকুৰ বিষত আক্ৰান্ত হয়।

গুৰুতৰ ভাবে অসুস্থ হৈ পৰা সৌৰভ গাংগুলীক লগে লগে কলকাতাৰ এপ’লো  চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানুৱাৰী মাহতো তেওঁ  হৃদৰোগত আক্ৰান্ত হৈ কলকাতাৰ নিজৰ ঘৰতে ঢলি পৰিছিল।

আজি পুনৰ বুকুত তীব্ৰ বিষ অনুভৱ কৰা সৌৰভ গাংগুলীক ততাতৈয়াকৈ  কলকাতাৰ ব্যক্তিগত চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হয়।

প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে পুৱালৈকে সৌৰভ গাংগুলী সুস্থ হৈয়েই আছিল যদিও হঠাতে বুকুৰ বিষত আক্ৰান্ত হয় ।

জানুৱাৰী মাহতে তেওঁৰ এঞ্জিঅ’প্লাষ্টি সম্পন্ন কৰা হৈছিল।

ভাৰতীয় ক্ৰিকেটৰ মহাৰাজ হিচাবে পৰিচিত সৌৰভ গাংগুলীৰ অসুস্থতাৰ খবৰ পোৱাৰ পিছতে তেওঁৰ গুণমুগ্ধসকলে ক্ৰিকেটাৰ গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।