ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ মেচত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই শৃংখলাত সমতা স্থাপন কৰে। এটা অভাৰ বাকী থকা অৱস্থাতে দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে। ট্ৰিষ্টান ষ্টাবছ আৰু জেৰাল্ড ক’টজীয়ে শেষৰ ফালে খেলখন নিজৰহাতলৈ ঘূৰাই আনে।
ঘৰৰ মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত সম্পূৰ্ণ বিধ্বস্ত। দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে প্ৰত্যাৱৰ্তন কৰিছিল। কিন্তু দ্বিতীয়খন মেচত জয়ৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে সূৰ্যকুমাৰ বাহিনীয়ে।
দক্ষিণ আফ্ৰিকাৰ অধিনায়ক আইডেন মাৰ্ক্ৰামে টছত জয়লাভ কৰি বেটিং কৰাৰ পৰিৱৰ্তে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ডাৱৰীয়া আকাশ, আদ্ৰ বতৰ সুন্দৰভাৱে কামত লগালে দলৰ বলাৰসকলে।
লগতে পঢ়কঃ ট্ৰাম্পে ফোন কৰিলে পুটিনক, ইউক্ৰেইন যুদ্ধৰ বিষয়ে কি বাৰ্তা দিলে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে
ইনিংছ আৰম্ভ হোৱাৰ পিছৰে পৰাই ভাৰতে এটা এটাকৈ উইকেট হেৰুৱাইছিল। ফৰ্মত থকা সঞ্জু চেমছনক মাৰ্কো জান্সেনে শূন্য ৰানত আউট কৰে। অভিষেক শৰ্মা আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱ খৰখেদাকৈ পেভলিয়নলৈ উভতি যায়।
তিলক ভাৰ্মা আৰু অক্ষৰ পেটেলে কিছু প্ৰতিৰোধৰ চেষ্টা চলাইছিল। শেষত হাৰ্দিক পাণ্ডিয়াৰ সৌজন্যত টীম ইণ্ডিয়াই ১০০ ৰানৰ সীমা অতিক্ৰম কৰে। নিৰ্দ্ধাৰিত ২০ অভাৰত মাত্ৰ ১২৪ ৰানহে কৰে ভাৰতে। টি-২০ত এইটো একেবাৰেই সন্তোষজনক স্ক’ৰ নহয়।
লগতে পঢ়কঃ অসম ৰাজ্যিক চিৰিয়াখানাত নতুন অতিথিক আদৰণি; জন্ম পালে এটি গঁড়ৰ পোৱালি
বেটছমেনসকল বিফল হোৱা দিনটোত ভাৰতীয় বলাৰসকলে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিছিল। স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে অকলেই ৫টা উইকেট দখল কৰে। তেওঁৰ বলিঙৰ বাবে এসময়ত এনে লাগিছিল যেন ভাৰতে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিব। কিন্তু সেইটো আৰু নহ’ল! দক্ষিণ আফ্ৰিকাই ৭টা উইকেট হেৰুৱাইও ট্ৰিষ্টান ষ্টাবছ আৰু জেৰাল্ড ক’ট্জীৰ ধৈৰ্যশীল বেটিঙেৰে খেলখনত জয় আজুৰি নিয়ে।