• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পে ফোন কৰিলে পুটিনক, ইউক্ৰেইন যুদ্ধৰ বিষয়ে কি বাৰ্তা দিলে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2024 9:50 am
আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বাৰ্তালাপ কৰিছে। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বাৰ্তালাপ কৰিছে। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বাৰ্তালাপ কৰিছে। বাৰ্তালাপৰ সময়ত ট্ৰাম্পে পুটিনক ইউক্ৰেইনৰ যুদ্ধ সম্প্ৰসাৰণ নকৰিবলৈ আহ্বান জনায়। দেওবাৰে ৱাশ্বিংটন পোষ্টে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছক পৰাজিত কৰি জয়ী হোৱাৰ পিছত ট্ৰাম্পে যোৱা বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে ফোনযোগে কথা পাতিছিল। সেই সময়ত ট্ৰাম্প আছিল ফ্ল’ৰিডাৰ নিজৰ মাৰ-এ-লাগো ৰিজ’ৰ্টত।

যদিও এই ফোন কলৰ বিষয়ে অৱগত একাধিক সূত্ৰৰ নাম উল্লেখ নকৰাকৈয়ে  ৱাশ্বিংটন পোষ্টে কয় যে ট্ৰাম্পে ইউৰোপীয় ভূমিত আমেৰিকাৰ “বিপুল সামৰিক উপস্থিতি”ৰ কথা পুটিনক সোঁৱৰাই দিছিল। সূত্ৰ অনুসৰি ট্ৰাম্পে ইউক্ৰেইনত চলি থকা যুদ্ধৰ সমাধানৰ বাবে পুটিনৰ সৈতে পুনৰ শীঘ্ৰে কথা পতাৰ আগ্ৰহ প্ৰকাশ কৰে।

Apply Now

লগতে পঢ়কঃ নিদ্ৰাহীনতাত ভুগিছে! নিশা ভাল টোপনিৰ বাবে চেষ্টা কৰি চাওক এই ৩-২-১ৰ গোল্ডেন ৰুল

ট্ৰাম্প ক্ষমতালৈ ঘূৰি অহাৰ লগে লগে তিনি বছৰীয়া ইউক্ৰেইন যুদ্ধৰ তীব্ৰতা হ্ৰাস পোৱাৰ সম্ভাৱনাক লৈ আশাৰ পোহৰ দেখা গৈছে। কাৰণ ট্ৰাম্পে যুদ্ধখন সোনকালে শেষ কৰাৰ পক্ষত আছে। ইয়াৰ উপৰিও ৱাশ্বিংটনে কিয়েভক প্ৰদান কৰা কোটি কোটি ডলাৰৰ অৰ্থনৈতিক আৰু সামৰিক সাহায্যৰ বিষয়েও ট্ৰাম্পে প্ৰশ্ন উত্থাপন কৰিছে।

ইয়াৰ পূৰ্বে বুধবাৰে ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতেও ফোনযোগে কথা পাতিছিল। এই সময়ত ৰিপাব্লিকান দলৰ কঠোৰ সমৰ্থক আৰু কোটিপতি ইলন মাস্কেও তেওঁলোকৰ সৈতে হোৱা কথা-বতৰাত যোগ দিয়ে।

ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদন সন্দৰ্ভত মন্তব্যৰ বাবে ট্ৰাম্পৰ প্ৰচাৰ দলৰ সৈতে যোগাযোগ কৰে ৰয়টাৰে। ট্ৰাম্পৰ যোগাযোগ সঞ্চালক ষ্টিভেন চেউঙে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশ্বৰ নেতাসকলৰ সৈতে হোৱা ব্যক্তিগত কথা-বতৰাৰ বিষয়ে আমি একো প্ৰকাশ নকৰো।

লগতে পঢ়কঃ অসম ৰাজ্যিক চিৰিয়াখানাত নতুন অতিথিক আদৰণি; জন্ম পালে এটি গঁড়ৰ পোৱালি

ৱাশ্বিংটনত থকা ৰাছিয়াৰ দূতাবাসকো ট্ৰাম্প-পুটিনৰ ফোন কলৰ সন্দৰ্ভত মন্তব্য দিবলৈ কোৱা হৈছিল যদিও পোৱা নগ’ল।

যোৱা ৫ নৱেম্বৰৰ নিৰ্বাচনত জয়লাভ কৰি আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ড’নাল্ড ট্ৰাম্প। অহা বছৰৰ ২০ জানুৱাৰীত তেওঁ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd