ICC T-20 World Cup: ব্ৰুকৰ বিধ্বংসী ইনিংছো কামত নাহিল; ইংলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলৰ দিশে দক্ষিণ আফ্ৰিকা

গ্ৰুপ পৰ্যায়ৰ পৰা ছুপাৰ এইটলৈ ইংলেণ্ডৰ পথ সম্পূৰ্ণ মসৃণ নাছিল। স্কটলেণ্ডৰ দৰে দেশৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হৈছিল। আনহাতে দক্ষিণ আফ্ৰিকাই ৪খন মেচৰ ৪ খন জয়ৰে ছুপাৰ এইটত প্ৰৱেশ কৰে। সেই অপৰাজিত ধাৰাটো তেওঁলোকে বজাই ৰাখিলে।

শুকুৰবাৰে ছেইণ্ট লুচিয়া ষ্টেডিয়ামত মাৰ্কৰাম বাহিনীয়ে শেষ হাঁহি মাৰিলে। টী-২০ বিশ্বকাপ ২০২৪ ৰ ৰুদ্ধশ্বাস মেচত ইংলেণ্ডক ৭ ৰাণত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ছেমি ফাইনেলৰ দিশে এখোজ আগবাঢ়িলে।

খেলখনত দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি বেটিং লৈ দুৰ্দান্ত আৰম্ভণি কৰে। কুইণ্টন ডি ককে বিস্ফোৰক অৰ্ধশতক কৰে। আনহাতে, হেণ্ড্ৰিক্স (১৯)ৰ বেট ইমান নচলিল। কিন্তু ইংলেণ্ডৰ বলাৰসকলক ডি ককৰ সন্মুখত অসহায় যেন দেখা গৈছিল। ৩৮ টা বলত ৬৫ ৰানত তেওঁৰ ইনিংছ স্তব্ধ হৈ পৰে।

ফটো সৌজন্যঃ আইচিচি।

অৱশ্যে ডেভিদ মিলাৰ (৪৩)ৰ বাহিৰে কোনেও ৰান ৰেট বজাই ৰাখিব পৰা নাছিল। ক্লাচেন (৮), মাৰ্কৰাম (১), ট্ৰিষ্টান ষ্টাবছ (১২), মাৰ্কো জান্সেন (০) আটাইকেইজনেই বিফল হয়। শেষত দক্ষিণ আফ্ৰিকাই ৬টা উইকেট হেৰুৱাই ১৬৩ ৰানত কৰে।

কিন্তু ইংলেণ্ডৰ বেটিঙত টপ অৰ্ডাৰৰ সেই পৰিচিত আক্ৰমণ দেখা নগ’ল। ফিল ছল্ট ১১ ৰানত আউট হয়। পৰৱৰ্তী তিনিজন বেটছমেনৰ ষ্ট্ৰাইক ৰেট ১০০ৰ তলত। জোছ বাটলাৰ (১৭), জনী বেয়াৰষ্ট’ (১৬), ম’ইন আলী (৯)ৰ লেহেমীয়া বেটিঙত যোৱাবাৰৰ চেম্পিয়ন বহু পিছ পৰি ৰ’ল৷ ক’ব পাৰি, কেশৱ মহাৰাজৰ (২৫/২) স্পিনে তেওঁলোকক বান্ধি ৰাখিছিল।

ফটো সৌজন্যঃ আইচিচি।

কিন্তু পৰৱৰ্তী অভাৰত হেৰী ব্ৰুক (৫৩) আৰু লিয়াম লিভিংষ্টনে (৩৩) আক্ৰমণাত্মক বেটিং কৰে। তাৰ পৰাই মেচখন ৰুদ্ধশ্বাস পৰিস্থিতিৰ ফালে ঘূৰি গ’ল। ইমান সময় যিটো দক্ষিণ আফ্ৰিকাৰ হাতত থকা যেন লাগিছিল, ইংলেণ্ডৰ বেটছমেন দুজনে কাঢ়ি লৈ গৈছিল। প্ৰটিয়া বলাৰসকলে কিছু জঘণ্য বলিং কৰি তেওঁলোকৰ বাবে কাম সহজ কৰি তুলিছিল।

কিন্তু দক্ষিণ আফ্ৰিকাৰ দুৰ্দান্ত ফিল্ডিঙে তেওঁলোকক ৰক্ষা কৰিলে। মাৰ্কৰামৰ হাতত কেচ দি হেৰী ব্ৰুক উভতি যায়। আৰু তাতেই মেচখনৰ ভৱিষ্যত প্ৰায় লিখা হৈ গ’ল। ছেম কাৰানৰ (১০) প্ৰচেষ্টাই ইংলেণ্ডক জয়ী কৰিব নোৱাৰিলে।

ফটো সৌজন্যঃ আইচিচি।

ছুপাৰ এইটত দুয়োটা দলে প্ৰথমখন মেচত জয়লাভ কৰিছিল। ফলত এই মেচখনত যিয়েই জয়ী হয় তাৰেই সুবিধা। পইণ্ট টেবুলৰ সংখ্যাৰ জটিলতাবোৰ মনত ৰাখিও এইটো নিসংকোচে কব পাৰি। দক্ষিণ আফ্ৰিকাই সেই কামটো কৰিলে। লগতে ৰান ৰেটও বহুত বৃদ্ধি কৰি ৰাখিলে। দুখন মেচত ৪ পইণ্ট লাভ কৰি মাৰ্কৰামৰ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশৰ দিশত এঢাপ আগবাঢ়ি থাকিল।

সংক্ষিপ্ত স্কোৰঃ

দক্ষিণ আফ্ৰিকা: ১৬৩/৬ (কুইণ্টন ডি কক ৬৫, ডেভিদ মিলাৰ ৪৩, আৰ্চাৰ ৪০/৩)

ইংলেণ্ডঃ ১৫৬/৬ (হেৰী ব্ৰুক ৫৩, লিভিংষ্টন ৩৩, কেশৱ মহাৰাজ ২৫/২)

দক্ষিণ আফ্ৰিকাই ৭ ৰানত জয়লাভ কৰে।