দক্ষিণ আফ্ৰিকাত অপমান কৰা হ’ল নৰেন্দ্ৰ মোদীক!
কিছুদিন আগতে ২০২৩ বৰ্ষৰ ব্ৰিকছ সন্মিলনত ভাগ ল’বলৈ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু বিমান বন্দৰৰ পৰা নৰেন্দ্ৰ মোদীক আগবঢ়াই নিবলৈ নাহিল দেশখনৰ ৰাষ্ট্ৰপতি। তাৰ সলনি নৰেন্দ্ৰ মোদীক আগবঢ়াই নিবলৈ পঠালে এজন সাধাৰণ কেবিনেট মন্ত্ৰীক। এই ক্ষোভতেই বিমানৰ পৰা নামি নাহিল মোদী। বহুপৰ বিমানতে বহি থাকিল অভিমানী মোদী।
দক্ষিণ আফ্ৰিকাৰ ডেইলী মেভেৰিক নামৰ এটা ৱেবছাইটে সদৰী কৰিছে এই কথা। কিন্তু আশ্চৰ্যজনকভাবে এই খবৰ প্ৰকাশ কৰাৰ পিছতেই আক্ৰমণৰ বলি হ’ল ৱেবচাইটো। ডেইলী মেভেৰিক নামৰ এই ৱেবচাইটোৱে বুধবাৰে চাইবাৰ আক্ৰমণৰ বলি হোৱা বুলি দাবী উত্থাপন কৰিছে। ৱেবচাইটোৱে দাবী কৰা অনুসৰি নৰেন্দ্ৰ মোদীক দক্ষিণ আফ্ৰিকাত অনাদৰ কৰাৰ বাতৰি প্ৰকাশ কৰাৰ পিছতেই ভাৰতৰ ডমেইনৰ পৰা চাইবাৰ আক্ৰমণৰ সন্মুখীন হৈছে ৱেবচাইটো। যাৰ ফলত উপায়হীন হৈ সকলো ভাৰতীয় ডমেইনক ব্লক কৰি দিবলৈ বাধ্য হৈ পৰে ডেইলি মেভেৰিক নামৰ ৱেবচাইটটো।
ইয়াৰ পিছতেই টুইটাৰ্ৰযোগে ৱেবচাইটোৱে কয় যে, এই বাতৰি প্ৰকাশ কৰাৰ পিছৰে পৰা ডেইলী মেভেৰিক ডিষ্ট্ৰিবিউটেড ডিনিয়েল অৱ চাৰ্ভিচ আক্ৰমণৰ বলি হৈছে। DDoS আক্ৰমণৰ দ্বাৰা ভাৰতীয় লোকে চাৰ্ভাৰ, নেটৱৰ্ক বা ৱেবছাইটৰ স্বাভাৱিক ট্ৰেফিকত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিছে। ইয়াৰ পিছতেই সকলো ভাৰতীয় চাৰ্ভাৰ ব্লক কৰি দিয়ে ৱেবচাইটোৱে। যাৰ বাবে এতিয়া কোনো ভাৰতীয় লোকে এই ৱেবচাইটটো খুলিবলৈ সক্ষম নহ’ব। কিন্তু এই খবৰ যাতে ভাৰতৰ নাগৰিকৰ ওচৰলৈ যায় তাৰ বাবেও বিহিত ব্যৱস্থা কৰিব বুলি টুইটাৰযোগে জনাইছে চেনেলটোৱে।
মঙলবাৰে ডেইলী মেভেৰিক’ৰ প্ৰতিবেদন অনুসৰি, যেতিয়া মোডীয়ে ৱাটাৰক্লুফ বায়ুসেনা ঘাটিত অৱতৰণ কৰিছিল, তেতিয়া তেওঁ বিমানখনৰ পৰা নামিবলৈ অস্বীকাৰ কৰিছিল কাৰণ ৰাষ্ট্ৰপতি চাইৰিল ৰামফোছাৰ সলনি এজন কেবিনেট মন্ত্ৰীয়ে তেওঁক আদৰিবলৈ আহিছিল। কিন্তু নৰেন্দ্ৰ মোদী বিমানৰ পৰা নামি নহাত অৱিশেষত দক্ষিণ আফ্ৰিকাৰ উপৰাষ্ট্ৰপতি পল মাছাটাইল আদৰিবলৈ আহিল মোদীক। অৱশেষত ৰাষ্ট্ৰখনৰ উপৰাষ্ট্ৰপতি অহাতহে বিমানৰ পৰা মাটিত খোজ থলে নৰেন্দ্ৰ মোদীয়ে।
এতিয়া প্ৰশ্ন হয়, বিদেশত জনপ্ৰিয়তা আৰু গুৰুত্ব কমিছে নেকি নৰেন্দ্ৰ মোদীৰ? মোদীক আদৰিবলৈ আহি ভাৰতক অপমান কৰিলে নেকি দক্ষিণ আফ্ৰিকাই? ডেইলি মাভেৰিকে প্ৰকাশ কৰা এই বাতৰিৰ সত্যা সত্যতা কিমান ? যদি বাতৰিটো সঁচা তেন্তে কিয় প্ৰচাৰ কৰা হোৱা নাই এই কথা? যদিহে বাতৰিটো মিছা তেন্তে সেই ৱেবচাইটোক প্ৰতুত্তৰ দিয়াৰ সলনি কিয় বাচি লোৱা হ’ল চাইবাৰ আক্ৰমণৰ পথ? এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে এইবোৰ প্ৰশ্নই।