দক্ষিণ-পূব এছিয়াৰ সাতখন দেশৰ লোকশিল্পীৰ সংগমেৰে মুখৰিত দিশপুৰ মহাবিদ্যালয়

থাইলেণ্ডৰ পৰাম্পৰাগত লোকশিল্পৰ লগত ভাৰতবৰ্ষৰ উত্তৰ-পূব দিশৰ লোককৃষ্টিৰ যথেষ্ট সাদৃশ্য দেখিবলৈ পোৱা যায় – থাইলেণ্ডৰ মহাশৰখম বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ ডীন কৰিন খমৰিকে দেওবাৰে দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সংগম’ ২০২২ অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি এনেদৰে কয়।

থাইলেণ্ডৰ বিভিন্ন লোকবাদ্য যন্ত্ৰসমূহৰ পৰিচয় দাঙি ধৰাৰ পিছতে লোকনৃত্য পৰিবেশন কৰে নৰেচোৱাম বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰছাডাপোন চুকাটা আৰু ভিচ বনৰোডকে আদি কৰি চাৰিগৰাকী শিল্পী-কলাকুশলীয়ে।

বাংলাদেশ, ভূটান, ভাৰত, লাওচ পি ডি আৰ, নেপাল, থাইলেণ্ড আৰু ভিয়েটনামকে ধৰি সাতখন দেশৰ ৩৫ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক সংগমত আদৰণী ভাষণ দি দিশপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড⁰ নৱজ্যোতি বৰাই কয় যে এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ মাজৰ সাংস্কৃতিক, অৰ্থনৈতিক যোগসূত্ৰআৰু অধিক শক্তিশালী হ’ব।

ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড⁰ সঞ্জীৱ কুমাৰ শৰ্মাই সম্পাদনা কৰা প্ৰচাৰ পত্ৰিকা (Bulletin) উন্মোচন কৰি ইয়াৰ লগত সংগতি ৰাখি ভাষণ প্ৰসংগত তেওঁ কয় যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাৰেবৰণীয়া সংস্কৃতিৰ আদান-প্ৰদানৰ উদ্দেশ্য আগত ৰাখি এই সাংস্কৃতিক সংগমৰ আয়োজন কৰা হৈছে ।

লাওচ দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মেডাম ভনিমেনিৰ নেতৃত্বত পাইথং আৰু থিটলাকনে নামৰ দুগৰাকী যুৱক-যুৱতীয়ে লাউচৰ পৰাম্পৰাগত যুগ্ম নৃত্য প্ৰদৰ্শন কৰে। অধ্যাপক হেম অধিকাৰীৰ নেতৃত্বত অহা নেপালৰ দলটিয়ে ‘মায়নি’ লোকনৃত্য পৰিবেশন কৰে।

দিশপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ধ্ৰুপদী সত্ৰীয়া নৃত্য ভোৰতাল, বাৰেবৰণীয়া আৰু বিহুনৃত্য পৰিবেশন কৰাৰ লগে লগে দক্ষিণ-পূব এছিয়াৰ প্ৰতিনিধিসকলে আনন্দত আত্মহাৰা হৈ একেলগে নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰে।

নৰ্থ-ইষ্ট ফাউণ্ডেচনৰ সাধাৰণ সম্পাদক, বিশিষ্ট লোকশিল্পী জীনা ৰাজকুমাৰীয়ে উদ্যোক্তাসকলৰ পৰিচয় দাঙি ধৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ সহকাৰী অধ্যাপক ড⁰ খগেন শৰ্মা, বিশিষ্ট নাট্যশিল্পী ৰবিজিতা গগৈ, কবি স্বপ্নালী বৰগোঁহাই, অসম চৰকাৰৰ জনজাতীয় গৱেষণা কেন্দ্ৰৰ বিষয়া ড⁰ অসীম বৰা আৰু ড⁰ অতুল ভৰালীক  অধ্যক্ষ ড নৱজ্যোতি বৰা, অনুষ্ঠানৰ সংযোজক ড⁰ শশী মোহন দাসে সম্বৰ্ধনা জনায়।

অসমৰ জাতীয় সংগীত পৰিবেশনৰে অন্ত পৰা এই  দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সংগম’ ২০২২ অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অতিথি অধ্যাপিকা বাগ্মিতা বৰঠাকুৰে।