NORTHEAST NOW (Assamese)

হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে দক্ষিণ গাৰো পাহাৰত! দৈনিক হাতীৰ আক্ৰমণৰ সন্মুখীন গাওঁবাসী

July 22, 2025 2:28 pm · এন ই নাও নিউজ, গুৱাহাটী

দক্ষিণ গাৰো পাহাৰৰ গাছুপাৰাত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে হাতী- মানুহৰ সংঘাত। গাঁবাসীয়ে দৈনিক বন্যহস্তীৰ দৈনিক আক্ৰমণৰ সন্মুখীন হৈ অহিছে। গাঁওবাসীৰ মতে, প্ৰতিদিনে সন্ধিয়া ৩০ৰ পৰা ৪০টা হাতীৰ জাকে অঞ্চলটোত প্ৰৱেশ কৰি ব্যাপক আতংক আৰু ধ্বংসলীলাৰ সৃষ্টি কৰিছে।

ঘৰ-দুৱাৰ আৰু খেতিপথাৰ সুৰক্ষিত কৰিবলৈ গাঁৱৰ মানুহে জীৱ-জন্তুবোৰক ভয় খুৱাবলৈ আতচবাজীৰ আশ্ৰয় লৈছে। আৰু তেওঁলোকে কয় যে এই পদ্ধতি তেওঁলোকৰ দৈনন্দিন কাম-কাজৰ অংশ হৈ পৰিছে। জিলা বন্যপ্ৰাণী বিষয়াৰ ওচৰত বাৰে বাৰে অভিযোগ উত্থাপন হোৱাৰ পিছতো এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে বাসিন্দাসকলে।

গাঁওবাসীয়ে এতিয়া বন বিভাগক শীঘ্ৰে হস্তক্ষেপ কৰি দীৰ্ঘম্যাদী প্ৰশমন ব্যৱস্থা ৰূপায়ণ কৰি অত্যাধিক ক্ষতি ৰোধ কৰাৰ লগতে মানুহ আৰু বন্যপ্ৰাণী উভয়ৰে সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

Related News