কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ
কৰ্কট ৰোগক কেনেকৈ জয় কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন মতামত আছে। অৱশ্যে এইবাৰ দক্ষিণ কোৰিয়াৰ এজন বিজ্ঞানীয়ে আচৰিত ধৰণৰ দাবী উত্থাপন কৰিছে। তেওঁৰ মতে কোনো ধৰণৰ কেমোথেৰাপি বা ৰেডিয়’থেৰাপি অবিহনে কেন্সাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।
আধুনিক যুগত কেন্সাৰ দূৰ কৰিবলৈ বিভিন্ন পদ্ধতি উদ্ভাৱন কৰা হৈছে। এইক্ষেত্ৰত কেমোথেৰাপি আৰু ৰেডিয়’থেৰাপি হৈছে আটাইতকৈ ফলপ্ৰসূ। ই কেন্সাৰ কোষ ধ্বংস কৰে। কিন্তু ইয়াৰ ফলত শৰীৰত গুৰুতৰ প্ৰভাৱ পৰে।
অৱশ্যে এইক্ষেত্ৰত নতুন চিকিৎসা পদ্ধতিয়ে সকলোকে আচৰিত কৰি তুলিছে। ইয়াৰ জৰিয়তে কেন্সাৰ কোষবোৰক ধ্বংস নকৰাকৈ তাক পুনৰ ৰিপ্ৰগ্ৰেম কৰা হ’ব।
বোলেন নেটৱৰ্ক ইনফাৰেন্স নামৰ কম্পিউটাৰ ব্যৱস্থা এটা গঢ়ি তোলা হৈছে। তাৰ পৰাই গৱেষকসকলে কলন কেন্সাৰক নতুন কৰি ৰিপ্ৰগ্ৰেম কৰাৰ কাম কৰিছে। ইয়াত শৰীৰৰ স্বাভাৱিক ৰোগৰ দৰে কেন্সাৰ আৰোগ্য হ’ব। এই কামত গৱেষকসকলক বিশেষভাৱে সহায় কৰিছে এআইয়ে।
বৰ্তমান ইয়াক আন প্ৰাণীৰ শৰীৰত প্ৰয়োগ কৰি তাৰ পৰাই সফলতা লাভ কৰাৰ প্ৰয়াস কৰা হৈছে। যদি সফলতা থাকে তেন্তে তাৰ পৰাই মানুহৰ ওপৰত প্ৰয়োগ কৰিব পৰা যাব বুলিও ধাৰণা কৰা হৈছে।
যদি এই গৱেষণা সফল হয় তেন্তে কেন্সাৰ ৰোগত যথেষ্ট সফলতা লাভ কৰিব বুলিয়েই ধাৰণা কৰা হৈছে। কেমোথেৰাপি আৰু ৰেডিয়চন অবিহনে যদি কেন্সাৰ নিয়ন্ত্ৰণ হয় তেন্তে চিকিৎসা বিজ্ঞানত ই এক বৃহৎ জয় হ’ব।
কৰ্কট ৰোগৰ চিকিৎসা বিভিন্ন ধৰণৰ হ’লেও বিভিন্ন মহলত এই ৰোগক লৈ এতিয়াও বিভিন্ন আশংকা আছে। চিকিৎসা কৰিব নোৱাৰাৰ বাবে এই ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু হয়। কিন্তু এই নতুন আৱিষ্কাৰ হ’লে বহু কম খৰচত কেন্সাৰৰ চিকিৎসা সম্ভৱ হ’ব পাৰে। বহু সাধাৰণ মানুহে হয়তো নিজৰ জীৱনৰ ছন্দ পুনৰ লাভ কৰিবলৈ সক্ষম হ’ব।
অৱশ্যে এটা কথা মনত ৰাখিব যে এই ধৰণৰ লেখাৰ আধাৰত আপুনি কোনো সিদ্ধান্ত লোৱা উচিত নহয়। এই সম্পৰ্কে যদি আপোনাৰ কিবা প্ৰশ্ন আছে তেন্তে ইয়াক লৈ চিকিৎসকৰ ওচৰলৈ যাব পাৰে। তেওঁ দিয়া পৰামৰ্শ অনুসৰিহে আপুনি আগবাঢ়িব।