হাথৰছৰ আৰক্ষী অধীক্ষককে ধৰি চাৰি আৰক্ষী বিষয়াক নিলম্বন; ন্যায় পাবনে যুৱতীৰ পৰিয়ালে?

1_15_6435153_835x547-m

দেশ কঁপাই যোৱা হাথৰছৰ যুৱতীৰ ধৰ্ষণ তথা হত্যাকাণ্ডৰ ঘটনাত হাছৰছৰ আৰক্ষী অধীক্ষক বিক্ৰান্ত বীৰকে ধৰি চাৰিগৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে।

হাছৰছৰ ঘটনা সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী দলৰ (এছ আই টি) প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্যৰ ভিত্তিত শীৰ্ষ আৰক্ষী বিষয়াকেইজনক নিলম্বিত কৰা হৈছে।

সেইদৰে, ঘটনাত জড়িত সকলক লাই ডিটেক্টৰৰ সন্মুখত বহুওৱাৰ প্ৰস্তাৱ দিয়া হৈছে। যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যসকলকো সেই পৰীক্ষাৰ পৰামৰ্শ দিয়া হৈছে।

দেশজুৰি হোৱা প্ৰতিবাদৰ মাজতে শুকুৰবাৰে মুখ্য মন্ত্ৰী যোগীয়ে টুইট কৰি ৰাজ্যখনৰ ‘মাতৃ আৰু ভগ্নীসকলৰ ৰক্ষাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰ প্ৰতিজ্ঞাবদ্ধ’ বুলি কৈছিল।

মুখ্য মন্ত্ৰী যোগীৰ সেই আশ্বাসৰ মাজতে চৰকাৰৰ প্ৰশাসনৰ বিৰুদ্ধে হাথৰছৰ যুৱতীৰ পৰিয়ালক বন্দী কৰি ৰকাৰ অভিযোগ উঠে। কেবল সেয়াই নহয়, যুৱতীৰ পিতৃক নিৰ্যাতনৰ অভিযোগো উঠিছে।

যুৱতীগৰাকীৰ গাঁওখনৰ পৰা এগৰাকী কিশোৰ বাহিৰলৈ আহি শুকুৰবাৰে পুৱা অভিযোগ কৰিছিল যে আৰক্ষীয়ে পৰিয়ালৰ ফোনসমূহ বাজেয়াপ্ত কৰি নিছে।

কিশোৰগৰাকীয়ে যুৱতীৰ পিতৃয়ে সংবাদমাধ্যমৰ সন্মুখত কথা ক’ব বিচাৰিছে বুলিও জানিব দিয়ে।

ইপিনে সাংবাদিকসকলক যুৱতীৰ ঘৰৰ আশেপাশেও সোমাবলৈ দিয়া হোৱা নাই। কোনো সাংবাদিক যদি আৰক্ষীৰ বেৰিকেডৰ মাজত সোমাই পৰিছে, তেওঁলোককো আৰক্ষীয়ে আটক কৰিছে। ইয়াৰ প্ৰতিবাদত আনকি সাংবাদিকসকলে প্ৰতিবাদী ধৰ্ণাও দিয়ে।

এতিয়া যোগী আদিত্যনাথৰ চৰকাৰে ঘটনাৰ নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ পদক্ষেপ গ্ৰহণ কৰিবনে?

ৰাজ্যখনত নাৰী নিৰ্যাতনৰ ঘটনাই গোটেই দেশকে উদ্বিগ্ন কৰি ৰখাৰ সময়ত ৰাজ্য চৰকাৰখনে কি দৃষ্টান্তমূলক ন্যায় প্ৰদান কৰে তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিছে।