উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত চিবিআইয়ে তলব কৰাৰ পিছতে নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলে আহি নগাঁওত উপস্থিত হৈছে।
সম্প্ৰতি হাইলাকান্দিত নিযুক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নাম জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰিছিল। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছত ব্যাপক প্ৰতিবাদৰ পিছতে লীনা দলেৰ লগতে নগাঁও আৰক্ষীৰ অন্যান্য বিষয়াক ৰাজ্যৰ বিভিন্ন স্থানলৈ বদলি কৰা হয়।
উল্লেখ্য যে মৃত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বাহনৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে চিবিআইয়ে নগাঁৱত এপিএছ বিষয়া বেদান্ত মাধব ৰাজখোৱা আৰু লুনা নেওগক জেৰা কৰে।
লগতে পঢ়কঃ নেৰানেপেৰা বৰষুণ, তাৰ মাজতে গুৱাহাটীত ভূমিস্খলনৰ ঘটনা; আহত তিনিজন লোক
যোৱা ১৬ মে’ত নগাঁও জিলাৰ জখলাবন্ধাত সংঘটিত সন্দেহযুক্ত পথ দুৰ্ঘটনাত নিহত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত চাৰিটা গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে।
তদন্ত অব্যাহত ৰাখি দলটোৱে ঘটনাৰ প্ৰায় পাঁচ মাহৰ পিছত তেওঁৰ গাড়ীত মোবাইল ফোনটো উদ্ধাৰ কৰে।
নগাঁৱৰ জখলাবন্ধা থানাত ৰখা জোনমণি ৰাভাৰ গাড়ীখন অসম আৰক্ষীৰ বিষয়াসকলে ভালদৰে তালাচী চলোৱা নাছিল বুলি অভিযোগ উঠিছে৷
লগতে পঢ়কঃ Asian Games 2023: মহিলা কাবাডীত চীনা টাইপেইক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিলে ভাৰতে
বিষয়টো সন্দৰ্ভত জানিবলৈ দি এক সূত্ৰই জনোৱা মতে, জোনমণিৰ মৃতদেহ থকা ক্ষতিগ্ৰস্ত গাড়ীখনৰ ভিতৰত উদ্ধাৰ হোৱা মোবাইলটো জোনমণি ৰাভাৰ বুলি সন্দেহ কৰা হৈছে যিটো তেওঁৰ মৃত্যুৰ দিনটোৰ পৰাই নিৰুদ্দেশ হোৱা বুলি কোৱা হৈছে।
সূত্ৰই জনোৱা মতে, চিবিআইৰ দলটোৱে অপৰাধস্থলীৰ পুনৰীক্ষণৰ বাবে অঞ্চলটোলৈ গৈছিল আৰু অধিক তদন্তৰ অন্তত গাড়ীখনত ফোনটো উদ্ধাৰ কৰে।
লগতে পঢ়কঃচলিত মাহতে সূৰ্যগ্ৰহণ-চন্দ্ৰগ্ৰহণ; ভাৰতত কেতিয়া দেখা যাব, চাওক সবিশেষ
মোবাইলটো উদ্ধাৰ হোৱাৰ পিছতে চিবিআইয়ে কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াক অধিক সোধা-পোছাৰ বাবে নগাঁওলৈ তলব কৰে।