প্ৰভাৱৰ অভাৱ দেখা গ’ল এমবাপেৰ! ফ্ৰান্সক পৰাস্ত কৰি ইউৰো কাপৰ ফাইনেলত স্পেইন

ফটোঃ সংগ্ৰহীত।

মাস্ক খুলি কাইলিয়ান এমবাপেই দ্ৰুতগতিৰ ফুটবলত আক্ৰমণৰ নেতৃত্ব দিয়াৰ পিছতো গ’ল নাপালে। বৰঞ্চ ১৬ বছৰ বয়সত ফুট লেম্পৰ পোহৰত ওলাই অহা লামিনে ইয়ামলে সকলো পোহৰ কাঢ়ি লৈ ​​গ’ল। তেওঁ এটা আচৰিত গ’ল দি দলটোক পথ দেখুৱাইছিল। পিছ পৰি থকাৰ আঘাত চম্ভালি স্পেইনে ফ্ৰান্সক পৰাস্ত কৰি ইউৰোপীয় চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিলে।

মঙলবাৰে নিশা (০৯ জুলাই) মিউনিখৰ এলিয়ানজ এৰিনাত অনুষ্ঠিত হোৱা প্ৰথমখন ছেমি ফাইনেলত লুইছ ডি লা ফুয়েণ্টেৰ দলটোৱে ২-১ গ’লত জয়লাভ কৰে। প্ৰতিযোগিতাখনৰ ছয়খন মেচতে স্পেইনে গতি আৰু নান্দনিক ফুটবল প্ৰদৰ্শনেৰে জয়লাভ কৰে। এক ৰোমাঞ্চকৰ মুখামুখিত তিনিওটা গ’ল ২৫ মিনিটৰ ভিতৰতে হয়। ৰেণ্ডেল ক’ল’ মুয়ানীৰ গ’লেৰে পিছ পৰা স্পেইনে ইয়ামালৰ গ’লেৰে সমতা স্থাপন কৰে। তেওঁলোকৰ বিজয়ী গ’লটো দিয়ে ডানি অলমোৱে।

মিউনিখত ফ্ৰান্সে এক সুন্দৰ আৰম্ভণি কৰিছিল। মাত্ৰ ৮ মিনিটৰ অন্ততে গ’ল দিয়ে। এমবাপেৰ ক্ৰছৰ পৰা ৰেণ্ডেল কুলো ম্ৱানীয়ে এটা চমৎকাৰ হেডাৰেৰে গ’ল দিয়ে। ১-০ গ’লত আগবাঢ়ি যায় ফ্ৰান্স। চলিত ইউৰোৰ প্ৰথমাৰ্ধত ফৰাচী দলটোৱে প্ৰথমবাৰৰ বাবে গ’ল দিছে।

লগতে পঢ়কঃ গৌতম গম্ভীৰক ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি

এইবাৰৰ ইউৰোত স্পেইন যে অপ্ৰতিৰোধ্য সেই কথা প্ৰমাণ কৰিবলৈ বেছি সময় নালাগিল। ২১ মিনিটত স্পেইনে লেমিন ইয়ামালৰ চকু কপালত তুলিব পৰা গ’লেৰে সমতা স্থাপন কৰে। ১৬ বছৰীয়া কিশোৰজনে আলভাৰো মৰাটাৰ সহায়ত বাওঁ ভৰিৰে এটা দুৰ্দান্ত শ্বটেৰে ফ্ৰান্সৰ নেটকঁপাই তোলে।

কম সময়ৰ ভিতৰতে সমতালৈ ঘূৰি অহাৰ পিছতো স্পেইনৰ গ’লৰ প্ৰতি থকা ক্ষুধা অলপ কমি যোৱা নাছিল। ৪ মিনিটৰ পাছত স্পেনিছ দলটোৱে পুনৰ গ’ল দিয়ে। ডানি অলমোৰ গ’লেৰে লুইছ ডি লা ফুয়েণ্টেৰ দলটোৱে ২-১ গ’লত অগ্ৰগতি লাভ কৰে। স্পেনিছ আক্ৰমণাত্মক মিডফিল্ডাৰ আৰু উইংগাৰগৰাকীয়ে ডি বক্সৰ মাজৰ পৰা ফ্ৰান্সৰ দুজন ডিফেণ্ডাৰৰ মাজেৰে শ্বট এটাৰে গ’ল দিয়ে। ইয়াৰ পিছত দুয়োটা দলে আৰু কিছু গ’ল দিয়াৰ সুযোগ সৃষ্টি কৰে যদিও কোনেও গ’ল কৰিব নোৱাৰিলে। অৱশেষত স্পেইনে ২-১ গ’লত অগ্ৰগতি লাভ কৰি বিৰতিলৈ যায়।

লগতে পঢ়কঃ লণ্ডনত নিগাজিকৈ থাকিব নেকি বিৰাট-অনুষ্কা? অৱশেষত মৌনতা ভংগ বিৰাট কোহলীৰ…

দ্বিতীয়াৰ্ধত প্ৰতিযোগিতাখন কঠিন হ’বলৈ ধৰিলে। দুয়োটা দলে আক্ৰমণৰ চোক বৃদ্ধি কৰে। কিন্তু আক্ৰমণ বেছিভাগেই ফৰাচীসকলৰ ভৰিৰ পৰাই আহিছিল। ৫৩ মিনিটত অৰেলিয়েন চুয়োমেনিয়ে ওছুমানে ডেম্বলেৰ ক্ৰছৰ পৰা এটা ডাঙৰ হেডাৰ লয়। কিন্তু স্পেইনৰ গ’লৰক্ষক উনাই ছাইমনে তেওঁৰ শ্বটটো ৰক্ষা কৰে।

৩ মিনিটৰ পাছত এমবাপে আক্রমণলৈ আহে৷ এইবাৰ এণ্ড্ৰিয়ান ৰাবিয়াটৰ সহায়ত এমবাপেৰ শ্বটটো স্পেনিছ গ’লৰক্ষকে ব্যৰ্থ কৰে। ৬৩ মিনিটত ফ্ৰান্সে গ’ল দিয়াৰ আন এক সুযোগ সৃষ্টি কৰে। ৬ গজৰ বাকচৰ ভিতৰৰ পৰা দয়াত উপমেকানোৰ হেডাৰটো বাৰৰ ওপৰেৰে যায়। ডেম্বেলে তেওঁক কৰ্ণাৰৰ পৰা ক্ৰছ দিছিল।

৮৫ মিনিটত এমবাপে বলটো লৈ আগবাঢ়ি আহি বলটো গ’লৰ বহু ওপৰেৰে মাৰি পঠিয়ায়। ৮৯ মিনিটত স্পেইনে আন এটা আক্ৰমণ চলায়। অৱশ্যে ফ্ৰান্সৰ ডিফেণ্ডাৰসকলে সেয়া ব্লক কৰিবলৈ সক্ষম হয়।

লগতে পঢ়কঃ বিৰাট বিপত্তি! নিশা ১.৩০ বজালৈ খোলা কোহলিৰ বাৰ, এজাহাৰ দাখিল আৰক্ষীৰ

ইয়াৰ পিছত স্পেইনে ৰক্ষণাত্মকভাৱে খেলখন সমাপ্ত কৰাৰ লক্ষ্য লৈছিল। লক্ষ্য আছিল কোনো ধৰণে আৰু গ’ল হজম কৰিব নোৱাৰি। স্পেইনৰ ডাউন প্লেৰ বাবে ফ্ৰান্সে আক্ৰমণৰ সুযোগ পাইছিল। শেষ মুহূৰ্তত এণ্টনিঅ’ গ্ৰীজমেনৰ হেডাৰটো ক্ৰছবাৰৰ ওপৰেৰে গৈছিল। কিছু সময়ৰ পাছত ৰেফাৰীয়ে শেষবাৰৰ বাবে হুইচেল বজাই দিলে। ফাইনেললৈ যোৱাৰ আনন্দত স্পেনিছ দলটোৱে উদযাপন নামি পৰিল।