মাজৰাতি ঘৰৰ বাহিৰলৈ উলাই আহিল অসংখ্য লোক।
ৰাজপথত আৰম্ভ কৰিলে নাচ-গান।
উল্লাস-কিৰিলীৰে মুখৰ হৈ পৰিল চৌপাশ।
কোনো উৎসৱ অথবা বিজয়োল্লাস নহয়, ছমাহজোৰা কাৰ্ফিউৰ অন্ত পৰাতহে এই ঘটনা সংঘটিত হৈছে।
স্পেইনত যোৱাৰাতি ক’ভিড-১৯ৰ বাবে ছমাহ ধৰি বলৱৎ কৰা কাৰ্ফিউ অন্ত পৰিছে।
ৰাতি ১১ বজাত দেশখনৰ ১৭খন ৰাজ্যৰ ১৩খনত কাৰ্ফিউ উঠাই লোৱা হয়।
তাৰপাছতে দেশখনৰ প্ৰধান চহৰ বাৰ্চিলোনাৰ সাগৰৰ পাৰ আৰু ৰাজধানী মাদ্ৰিদৰ ৰাস্তাত অসংখ্য লোকে ভীৰ কৰে আৰু নাচ-গানত মত্ত হয়।
লোকসকলে মাস্ক পৰিধান নকৰাৰ উপৰিও কোনোধৰণৰ সামাজিক দূৰত্বও বজাই ৰখা নাছিল, যাৰ বাবে আৰক্ষীয়ে লোকসকলক জাননি প্ৰেৰণ কৰিবলগা হয়।
উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনছ হপকিনছ ইউনিভাৰ্চিটিৰ মতে, দেশখনত বৰ্তমানলৈকে ৩,৫৬৭,৪০৮ জন লোকৰ ক’ভিড সংক্ৰমণ হোৱাৰ লগতে ৭৮,৭৯২ জন ৰোগীৰ মৃত্যু হৈছে।
আনহাতে, দেশখনৰ ২৮ শতাংশ লোকক ভেকচিন প্ৰদান কৰা হৈছে।