• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰা ট্ৰেজেডি: আজি ঘটনাস্থলীত উপস্থিত বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2019 8:06 pm
01-03-19 Golaghat- All-party delegations visit Golaghat (2)

বিষাক্ত সুৰা পান কৰি মৃত্যুৰ ঘটনাৰ বুজ ল'বলৈ বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল শালমৰা চাহ বাগিচাত উপস্থিত হোৱাৰ মুহূৰ্তত। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিষাক্ত সুৰা পান কৰি বহু লোকে প্ৰাণ হেৰুওৱা তিতাবৰ মহকুমাৰ বৰহোলাত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ নেতৃত্বত ২১ জনীয়া এটা সৰ্বদলীয় প্ৰতিনিধি দল শুকুৰবাৰে উপস্থিত হয়।বৰহোলা চাহ বাগিচাত বিষাক্ত সুৰাই ৬২ জন লোকৰ প্ৰাণ কাঢ়ি নিছিল।

প্ৰতিনিধি দলটোৱে বৰহোলা চাহ বাগিচাত এখন সভাত অংশগ্ৰহণ কৰি ভুক্তভোগী নিহত পৰিয়ালৰ লোকৰ সৈতে বাৰ্তালাপ কৰে আৰু  বিষাক্ত সুৰা পানৰ ঘটনাৰ বিষয়ে বুজ লয়।

উপস্থিত ৰাইজে সুৰা পান কৰি মৃত্যু মুখত পৰা মৰ্মান্তিক ঘটনাটো আবকাৰী তথা আৰক্ষীৰ অৱহেলা তথা লালি গুৰ নিষিদ্ধ নকৰাৰ বাবেই সংঘটিত হোৱা বুলি অভিযোগ কৰে। তদুপৰি, ৰাইজে বৰহোলাৰ বিষাক্ত সুৰাকাণ্ডৰ সঠিক তদন্ত কৰি ঘটনাৰ সৈতে জড়িত আবকাৰী তথা আৰক্ষী বিষয়াসকলক উপযুক্ত শাস্তি প্ৰদানৰ দাবী তোলে।

01-03-19 Jorhat- All-party delegations visit jmc (1)
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীৰ অৱস্থাৰ বুজ লৈছে সৰ্বদলীয় প্ৰতিনিধি দলে। ফটো: য়ু বি

আনহাতে, ক্ষতিগ্ৰস্ত পৰিয়াললৈ ক্ষতিপূৰণৰ পৰিমান পাঁচ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবেও দাবী জনায়। প্ৰতিনিধি দলটোৱে ৰাইজৰ দাবীসমূহ বিধানসভাত আলোচনা কৰি ক্ষতিপূৰণ পাঁচ লাখ টকালৈকে বৃদ্ধি কৰাৰ বিবেচনা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী বিষয়াক উপযুক্ত শাস্তি প্ৰদানৰ আশ্বাস দিয়ে।

সৰ্বদলীয় প্ৰতিনিধি দলটোৱে বিষাক্ত সুৰা পানৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ অৱস্থাৰো বুজ লয়। তদুপৰি, পিতৃ-মাতৃহীন শিশুৰ পুনৰ সংস্থাপনৰ বাবে আঁচনিৰ পৰিকল্পনা সম্পৰ্কত চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰাৰ কথাও সদৰী কৰে বিধানসভাৰ অধ্যক্ষ গোস্বামীয়ে।

আজি ঘটনাৰ বুজ ল’বলৈ যোৱা সৰ্বদলীয় প্ৰতিনিধি দলটোত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ উপৰি আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, মন্ত্ৰী পল্লৱলোচন দাস, অগপৰ সভাপতি অতুল বৰা, কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন, অজন্তা নেওগ, ৰূপজ্যেতি কুৰ্মী, ৰ’জলীনা তিৰ্কী, এ আই ইউ ডি এফৰ আমিনুল ইছলাম, অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ব‌িজেপ‌িৰ তেৰচ গোৱালা, সঞ্জয় কিষাণ, মৃণাল শইকীয়া, ৰিতুপৰ্ণ বৰুৱা, বিমল বৰা আৰু দেবানন্দ হাজৰিকা।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd