আগন্তুক শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম সম্পৰ্কে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ বিশেষ ঘোষণা

index.jpg44

ক’ৰ’না সংক্ৰমণৰ বাবে চলিত বৰ্ষৰ মাৰ্চৰ মধ্যভাগৰ পৰাই দেশৰ শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।

কেতিয়াৰ পৰা শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিব তাকে দেশৰ প্ৰায় ৩৩ কোটি শিক্ষাৰ্থী আৰু অভিভাৱক এতিয়াও অনিশ্চয়তাৰ মাজতে আছে।

তেনে সময়তে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ নিশাঙ্ক পোখ্ৰিয়ালে অন্য এক ইঙ্গিত প্ৰদান কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী পোখ্ৰিয়ালৰ মতে শিক্ষানুষ্ঠানসমূহ পুনৰ খুলিলেও আগন্তুক শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম কিছু সলনি কৰা হ’ব পাৰে।

আগন্তুক শিক্ষাবৰ্ষৰ বাবে পাঠ্যক্ৰম শিথিল অথবা পাঠ্যক্ৰমৰ পৰিসৰ হ্ৰাস কৰা হ’ব পাৰে।

কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীগৰাকীয়ে মঙ্গলবাৰে কয় যে বৰ্তমান পৰিস্থিতিত অভিভাৱক আৰু শিক্ষকৰ অনুৰোধ মৰ্মে পাঠ্যক্ৰমৰ পৰিসৰ হ্ৰাস কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা চৰ্চা কৰি থকা হৈছে।

লগতে পঢ়ক : আগষ্টৰ পৰা পুনৰ খুলিব নেকি দেশৰ শিক্ষানুষ্ঠানসমূহ! : কি ক’লে মানৱ সম্পদ মন্ত্ৰী পোখ্ৰিয়ালে

সেই অনুসৰি শিক্ষণৰ সময়সীমাও হ্ৰাস কৰা হ’ব পাৰে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

আজি নিজৰ টুইটাৰত মন্ত্ৰীগৰাকীয়ে এই সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰিছে।

‘বৰ্তমান পৰিস্থিতিৰ কথা মনত ৰাখি আৰু অভিভাৱক ও শিক্ষকৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক শিক্ষাবৰ্ষৰ পাঠ্যক্ৰম আৰু শিক্ষণ সময়সীমা হ্ৰাস কৰাৰ বিবেচনা আমি কৰি আছো।’ টুইটাৰত মন্ত্ৰীগৰাকীয়ে কয়।

ইফালে পাঠ্যক্ৰমৰ পৰিসৰ হ্ৰাস কৰাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে অভিভাৱক আৰু শিক্ষা জগতৰ সতে যুক্ত ব্যক্তিসকলৰ পৰা মতামত গ্ৰহণ কৰা হ’ব বুলিও জনাইছে।

‘এই বিষয়ে আমি শিক্ষক, শিক্ষাবিদসকলৰ মতামত জনাবলৈ আহ্বান জনালো। আমাৰ ফেইচবুক পেজ বা টুইটাৰ অথবা MHRD#SyllabusForStudents2020 ৰ জৰিয়তে নিজৰ মতামত জনাব।’ অন্য এটা টুইটত মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে কয়।

৩০ মে’ৰ পৰা দেশত ল’কডাউন শিথিল কৰা হৈছে যদিও শিক্ষানুষ্ঠানসমূহ পুনৰ খোলা হোৱা নাই।

অহা ১৫ আগষ্টৰ পিছৰ পৰা দেশত শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ সম্ভাৱনাৰ কথা এক সাক্ষাৎকাৰ উল্লেখ কৰিছিল যদিও এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীগৰাকীয়ে।