হোণ্ডাৰ এই আকৰ্ষণীয় বাইকখনৰ দাম কিমান চাওক; ডিচেম্বৰত কিনিলে পাব বৃহৎ ৰেহাই!

WhatsApp Image 2020-12-24 at 1.50.59 PM

হোণ্ডাৰ H’Ness CB350 বাইক।

ভাৰতীয়সকলৰ মাজত বজাৰত হোণ্ডাৰ নতুন আকৰ্ষণীয় বাইক H’Ness CB350ৰ চাহিদা বহুত। ভাৰতৰ বজাৰত ইয়াৰ প্ৰতিদ্বন্দ্বিতা হৈছে Royel Enfield Meeteor 350ৰ সৈতে।

হোণ্ডাই এই বাইকখনত সুন্দৰ আকৰ্ষণীয় অফাৰ আগবঢ়াইছে। সুন্দৰ লুক আৰু শক্তিশালী ইঞ্জিনেৰে নিৰ্মিত H’Ness CB350ৰ দাম ১.৮৫ লাখ টকাৰে আৰম্ভ হৈছে।

কিন্তু আপুনি যদি ডিচেম্বৰত ইয়াক ক্ৰয় কৰে তেতিয়াহ’লে বৃহৎ ডিস্কাউন্টৰ সুবিধাৰ লগতে আন সুবিধাও লাভ কৰিব পাৰে। কোম্পানীয়ে ডিচেম্বৰত ইয়াৰ ওপৰত EMI আৰু কেশ্ববেক অফাৰ দি আছে।

স্কীম অনুসৰি, ডিচেম্বৰত  H’Ness CB350 ক্ৰয় কৰিলে কেশ্ব ডিস্কাউন্ট আৰু ফাইনেন্স স্কীমৰ সুবিধা ল’ব পাৰিব। ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ EMIঅপশ্যনৰ জৰিয়তে বাইকখন ক্ৰয় কৰিব পাৰে।সেইদৰে ডিচেম্বৰত ৫,০০০টকাৰ কেশ্ববেকৰো অফাৰ আছে।

কোম্পানীয়ে বিক্ৰী বৃদ্ধি কৰাৰ বাবে জিৰ’ ডাউনপেমেন্টৰ সুবিধাও দিছে। অৰ্থাৎ বাইকখনৰ সম্পূৰ্ণ দাম আপুনি ফাইনেন্স কৰাই ল’ব পাৰে। কাৰ্ডৰ EMIফাইনেন্স আঁচনিৰ বাবে কোনো অতিৰিক্ত নথিৰ প্ৰয়োজন নহয়।

গোটেই দেশতে এই বিশেষ অফাৰ প্ৰযোজ্য আছে আৰু অনলাইন আৰু অফলাইন যিকোনো ধৰণে বাইকখন ক্ৰয় কৰি ইয়াৰ সুবিধাসমূহ পাব পাৰে।

কোম্পানীয়ে জানিবলৈ দিছে যে এই সুবিধাসমূহ ২০২০ৰ ডিচেম্বৰলৈকে বাহাল থাকিব। বৰ্তমান H’Ness CB350ৰ দুটা ভেৰিয়েন্ট উপলব্ধ আৰু প্ৰতিটোৰে তিনিটা ৰঙৰ বিকল্প চামিল কৰা হৈছে।  ইয়াৰ টপ ভেৰিয়েন্টৰ এক্স-শ্ব’ৰুম দাম হৈছে ১.৯০লাখ টকা।

H’Ness CB350 ভাৰতৰ বজাৰত বিক্ৰী হোৱা আটাইতকৈ সস্তাৰ প্ৰিমিয়াম মটৰচাইকেলৰ ভিতৰত অন্যতম এখন বাইক। ইয়াৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে।