অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

'নৰ্থ ইষ্ট নাও'ৰ 'কথন' অনুষ্ঠানত জ্বলন্ত বিষয় এটাকলৈ তথ্যভিত্তিক আলোচনা

ৰাজ্যৰ শেহতীয়া প্ৰলংকৰী বানৰ বিভীষিকা, ইয়াৰ কাৰণ আৰু সমাধানসূত্ৰ বিচাৰি আজি ‘নৰ্থ ইষ্ট নাও’ৰ মুখ্য সম্পাদক পৰেশ মালাকাৰৰ বিশেষ অনুষ্ঠান ‘কথন’ত বিস্তৃত ভাবে আলোচনা কৰা হয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক উত্তম বাথাৰী, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান সত্ৰৰ সঞ্চালক তথা অধ্যাপক জয়দীপ বৰুৱা, কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক তথা জলবায়ু পৰিৱৰ্তন বিষয়ৰ বিশেষজ্ঞ ৰাহুল মহন্তই।

উল্লেখ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক উত্তম বাথাৰীৰ ঘৰ বানে বিধ্বস্ত কৰা ডিমা হাচাওৰ বাসিন্দা।

অধ্যাপক বাথাৰীয়ে সেয়ে আলোচনাত অঞ্চলটোত হোৱা ভয়ানক অৱস্থাৰ বিষয়ে বাস্তৱিক ছবি এখন দাঙি ধৰে।

অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ৰাহুল মহন্তই ডিমা হাচাওৰ ঘটনাৱলীক জলবায়ু পৰিৱৰ্তনৰ এক উদাহৰণ বুলি উল্লেখ কৰে।

এনে ঘটনা স্বাভাৱিক নহয় যদিও এতিয়া সেয়া স্বাভাৱিক হ’বলৈ গৈ আছে বুলি তেওঁ আশংকা ব্যক্ত কৰে।

অধ্যাপক মহন্তই তথ্যসহকাৰে জলবায়ু পৰিৱৰ্তনৰ ঘটনাৱলী বাখ্যা কৰে।’নৰ্থ ইষ্ট নাও’ৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে বিকাশৰ গতিৰ সৈতে এনে বিপৰ্যয়ৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰে।

মালাকাৰৰ কথাৰ আঁত ধৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান সত্ৰৰ সঞ্চালক তথা অধ্যাপক জয়দীপ বৰুৱাই কয় যে উন্নয়নৰ ধাৰণাৰ সৈতে এই ঘটনাৰ সম্পৰ্ক নিশ্চয়কৈ আছে।

সেই উন্নয়নৰ ধাৰণাৰ পৰিবেশতন্ত্ৰৰ সৈতে সামঞ্জস্য আছে নে নাই সেয়া বিবেচনা নকৰাকৈয়ে তেনে ধাৰণাক সাধাৰণীকৰণ কৰাৰ ফল এতিয়া মানুহে ভুগিবলগীয়া হৈছে।

‘কথন’ অনুষ্ঠানৰ সম্পূৰ্ণ ভিডিঅ’ ইয়াত সংলগ্ন কৰা হৈছে। পাঠকে এই ভিডিঅ’ৰ পৰা ডিমা হাচাওকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ কাৰণ, তাৰ সমাধান আদি বিষয়ত সম্যক ধাৰণা লাভ কৰিব পাৰিব বুলি আশা কৰা হৈছে।