NORTHEAST NOW (Assamese)

‘৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সেনানীক ৰাষ্ট্ৰপতিৰ বিশেষ সম্বৰ্ধনা

August 9, 2021 5:33 pm · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও।

১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সেনানীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লোৱা উদ্যোগৰ অংশ হিচাপে সোমবাৰে যোৰহাট জিলা প্ৰশাসনে ৰাষ্ট্ৰপতি গৰাকীৰ হৈ যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰা চেতিয়া গাঁৱৰ চন্দ্ৰধৰ চেতীয়াক সম্বৰ্ধনা জনায়।

উল্লেখযোগ্য যে ভাৰত ত্যাগ আন্দোলনৰ অংশগ্ৰহণ কৰা প্ৰতিখন ৰাজ্যৰ মুঠ ৮৫ গৰাকী মুক্তি সেনানীৰ ভিতৰত চেতীয়া অসমৰ একমাত্ৰ সেনানী।

সোমবাৰে ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ, পদক আৰু বস্ত্ৰ মুক্তি সেনানী গৰাকীৰ গৃহত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰদান কৰে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে।

অনুষ্ঠানত লগতে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, চক্ৰ বিষয়া সৌভিক ভূঞা আৰু চক্ৰ বিষয়া সংলগ্ন নীলাক্ষী বৰা।

তদুপৰি, জিলা প্ৰশাসনৰ তৰফৰ পৰাও মুক্তি সেনানী গৰাকীক এক খৰাহী ফলমূল, গছ পুলি, সঁফুৰা প্ৰদান কৰাৰ উপৰি তেওঁৰ দীৰ্ঘায়ু কামনা কৰে।

ৰাষ্ট্ৰপতি গৰাকীয়ে মুক্তি সেনানী সকলৰ প্ৰতি গ্ৰহণ কৰা এই পদক্ষেপৰ সকলোৱে শলাগ লয়।

Related News