দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে বৰপেটা জিলা পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

চলিত বৰ্ষত আগষ্ট মাহলৈ বৰপেটা জিলাত ২১১ টা মটৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাৰ ফলত ৭৪ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ১৫২ গৰাকী লোক আহত হয়।

২০১৯ বৰ্ষত ৪৭৬ টা মটৰ দুৰ্ঘটনাত ১৫০ জন নিহত আৰু ৩৭৩ জন আহত হৈছিল। ২০১৮ বৰ্ষত দুৰ্ঘটনাৰ সংখ্যা আছিল ৪৫৪, য’ত ১১৯ গৰাকী লোক নিহত আৰু ৪৭৮ গৰাকী লোক আহত হৈছিল।

আজি বৰপেটা জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠকত পথ পৰিবহণ বিভাগৰ তৰফৰ পৰা এই তথ্য সদৰি কৰা হয়। এই ধৰণৰ দুৰ্ঘটনাৰ সংখ্যাৰ লগতে মৃতকৰ সংখ্যা যথা সম্ভৱ হ্ৰাস কৰাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে গুৰুত্ব সহকাৰে আলোচনা কৰা হয়।

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বজালী মহকুমাৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ, নৱজিৎ পাঠক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ তীৰ্থনাথ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক আব্দুছ ছামাদ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া হিমাংশু দাস, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ কাৰিকৰী প্ৰৱন্ধক কল্যাণ দত্ত, যানবাহন পৰিদৰ্শক পঙ্কজ কুমাৰ দাসৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান কে এম চি, বাছ মালিক সংস্থা, শক্তি বিভাগ, গড়কাপানী বিভাগ আদি বিভিন্ন বিভাগ আৰু সংস্থাৰ প্ৰতিনিধি উপস্থিত থাকে।

সভাত ৰাষ্ট্ৰীয় ঘাইপথৰ অসমাপ্ত কামবোৰ অতিশীঘ্ৰে সম্পন্ন কৰা, দলং সমূহত নৈশ চিনাক্তকৰণৰ বাবে চিহ্ন স্থাপন কৰা, ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংলগ্ন উপ-পথৰ কাষত স্থাপন কৰা অবৈধ দোকান, চাইনবৰ্ড আদি উচ্ছেদ কৰা, সুৰাপায়ী গাড়ী চালকৰ বিৰুদ্ধে তালাচী অভিযান বৃদ্ধি কৰা, প্ৰতিটো মটৰ দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰা, দুৰ্ঘটনাজনিত আঘাতৰ চিকিৎসাৰ বাবে ট্ৰ’মা চেন্টাৰ চিনাক্ত কৰা আদি বিভিন্ন দিশত আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।