NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীৰ গুলীত বিশেষ গঁড় সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান আহত

April 12, 2020 3:52 pm · উত্তম শইকীয়া
চোৰাং চিকাৰীৰ গুলীত আহত বনকৰ্মী গৰাকী

সমগ্ৰ ৰাজ্যত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তো কাজিৰঙাত চোৰাং চিকাৰীৰ লক্ষ্য হৈ আহিছে বনৰীয়া জীৱ-জন্তু সমূহ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পানপুৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰী প্ৰৱেশৰ তথ্য লাভ কৰি শনিবাৰে নিশা বিশ্বনাথ বনসংমণ্ডলৰ বনকৰ্মীৰ দলে চোৰাং চিকাৰীৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰে।

অভিযানত চোৰাং চিকাৰীৰ সৈতে বনকৰ্মীৰ দলটোৰ মুখামুখি সংঘৰ্ষ হয়। নিশা বনকৰ্মীৰ দলটোক দেখি গুলীচালনা কৰে চোৰাং চিকাৰীৰ দলটোৱে।

প্ৰত্যুত্তৰত বনকৰ্মীৰ দলেও চোৰাং চিকাৰীৰ দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

এই গুলীয়াগুলীত প্ৰাঞ্জল বৰচমুৱা নামৰ বিশেষ গঁড় সুৰক্ষা বাহিনীৰ এজন জোৱান গুৰুতৰভাৱে আহত হয়।

আহত জোৱানজনক নিশাই বিশ্বনাথ চাৰিআলিৰ চিকিৎসায়লৈ নিয়া হয় আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত আজি পুৱা তেজপুৰৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷

আনহাতে, আঘাতপ্ৰাপ্ত জোৱান গৰাকী সম্প্ৰতি বিপদ মুক্ত বুলি চিকিৎসকে জনাইছে ৷

শনিবাৰে নিশা প্ৰায় ১২.৩০ মান বজাত সংঘটিত এই ঘটনাৰ পাছতে চোৰাং চিকাৰীৰ দলটোৱে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷

আজি  বিশ্বনাথ বন সংমণ্ডল প্ৰাধিকাৰী মুকুট দাসৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বন কৰ্মীৰ তদন্তকাৰী দলে ঘটনাস্থলীৰ পৰা এখন দা আৰু এটা বেগ উদ্ধাৰ কৰে ৷ সম্প্ৰতি স্নীফাৰ ড’গৰ সহায়ত চোৰাংচিকাৰীৰ দলটোৰ সন্ধানত  অভিযান অব্যাহত ৰাখিছে বন বিভাগে।

Related News