NORTHEAST NOW (Assamese)

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

June 4, 2025 7:30 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: June 4, 2025 6:10 pm

কেন্দ্ৰই নাকচ কৰিলে বিৰোধীৰ দাবী। পেহেলগাম আক্ৰমণ আৰু অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে বিশেষ অধিৱেশন অনুষ্ঠিত নকৰে কেন্দ্ৰই।

বুধবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে গ্ৰীষ্মকালিন সংসদীয় অধিৱেশনৰ দিন ঘোষণা কৰি সেই কথা স্পষ্ট কৰি দিয়ে।

বুধবাৰে কেবিনেট বৈঠকৰ অন্তত ৰিজিজুৱে কয় যে ২১ জুলাইৰ পৰা আৰম্ভ হব সংসদীয় অধিৱেশন। এই অধিৱেশন অহা ১২ আগষ্টলৈকে চলিব। ৰাজনাথ সিঙৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত সংসদীয় অধিৱেশনৰ তাৰিখ চূড়ান্ত কৰা হয়।

কিন্তু বিৰোধীয়ে বিশেষ অধিৱেশন আহ্বান কৰাৰ দাবীক বিশেষভাৱে বিবেচনা কৰা নহল। অধিৱেশনৰ তাৰিখ ঘোষণা কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে যিকোনো বিষয় সংসদৰ দুয়োটা সদনত আলোচনা কৰিব পাৰি।

উল্লেখ্য যে পেহেলগাম আক্ৰমণ, অপাৰেশ্যন সিন্দুৰ আৰু পাকিস্তানৰ লগত যুদ্ধবিৰতিৰ সকলো তথ্য বিচাৰি আৰু ইয়াৰ সম্পৰ্কে আলোচনা বিচাৰি ১৬টা বিৰোধী দলে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখি সংসদৰ বিশেষ অধিৱেশন বিচাৰিছিল। কংগ্ৰেছ, তৃণমূল, ডি এম কে, সমাজবাদী পাৰ্টি, আৰ জে ডিকে ধৰি ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰায় সকলো গুৰুত্বপূৰ্ণ অংশীদাৰে এই পত্ৰত স্বাক্ষৰ কৰে।

Related News