বাহিৰৰ ৰাজ্যৰ পৰা অহা প্ৰথমখন ৰেইল পুৱা প্ৰায় ৫ বজাত যোৰহাট মৰিয়নী ষ্টেশ্যনত উপস্থিত

ফটো : নৰ্থ-ইষ্ট নাও

লকডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক লৈ অহা প্ৰথমখন ৰেইল বৃহস্পতিবাৰে পুৱা ৫ বজাত মৰিয়নী জংচনত প্ৰৱেশ কৰে।

উজনিমুৱা দিল্লী-ডিব্ৰুগড় এই বিশেষ যাত্ৰীবাহী ৰে’লখন ৩৭ জন যাত্ৰী লৈ মৰিয়নীত উপস্থিত হয়।

মৰিয়নী জংচনত উপস্থিত হোৱা যাত্ৰীসকলৰ ভিতৰত গোলাঘাটৰ ১৫জন, যোৰহাটৰ ১৯জন, মাজুলীৰ এজন আৰু শিৱসাগৰৰ ২জন যাত্ৰী আছে।

যাত্ৰীসকলক মৰিয়নীত স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে নিজ নিজ জিলালৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে।

ইপিনে মৰিয়নী ৰে’ল জংছনত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি যাত্ৰীসকলক আদৰণি জনায়।

বিধায়ক কুৰ্মীয়ে কয় ” বিশেষ ৰে’লখনৰ আগমনক লৈ যঠেষ্ট চিন্তিত হৈ আছিলো ৷ বৰ্তমান ৰে’লখনেৰে মৰিয়নীত উপস্থিত হোৱা যাত্ৰীসকলৰ মাজত এজনৰো ভাগৰুৱা ভাৱ দেখা নাপালো,চৰ্দি কাহ আদি নথকাত মনতো ভাল লাগিছে”।

ক’ৰ’নাৰ বিৰুদ্ধে এই যুঁজত সকলোৱে মিলি যদি অৱতীৰ্ণ হও নিশ্চয় এই যুঁজখনত জয়ী হ’ব পাৰিম বুলি বিধায়ক কুৰ্মীয়ে মন্তব্য কৰে।

ফটো : নৰ্থ-ইষ্ট নাও

জানিব পৰা মতে যোৰহাট জিলাৰ যাত্ৰীসকলক বাছযোগে পোনে পোনে কাজিৰঙা বিশ্ববিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হয়।

আনহাতে আন জিলাৰ যাত্ৰী সকলক নিজ নিজ জিলাত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰলৈ লৈ বাছ যোগেদি পঠিয়াই যোৰহাট জিলা প্ৰশাসনে৷

বৃহস্পতিবাৰে পুৱতি নিশা ৩.৩০ বজাত এই বিশেষ ৰেইলখন আহি পোৱাৰ কথা আছিল যদিও ৰাতিপুৱা ৫ বজাত ৰেইলখন উপস্থিত হয় মৰিয়নী জংচনত।