সময়সীমা এসপ্তাহ : নিযুক্তি নিদিলে সোণোৱালৰ বিৰুদ্ধে জংগী হোৱাৰ হুংকাৰ দিব্যাংগৰ!

Dibyanga VS Sonowal

দিব্যাংগসকল প্ৰতাৰণাৰ সন্মুখীন হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। কংগ্ৰেছৰ শাসনতো দিব্যাংগসকল প্ৰতাৰণাৰ সন্মুখীন হৈছিল যদিও মাহে ৫০০ টকাকৈ বছৰে ৬০০০ টকা লাভ কৰি আহিছিল। কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা বঞ্চিত হৈ পৰিল উক্ত ধনৰাশিৰ পৰা। এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰৰ।

তদুপৰি, এইখন চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  বাৰেপতি আশা দি দি আশাত বন্দী কৰি ৰাখিছে, আৰু প্ৰতিশ্ৰুতিতে সীমাবদ্ধ সোণোৱাল চৰকাৰে দিব্যাংগসকলক দীৰ্ঘদিন আভুৱা ভাৰি আহিছে।

সোণোৱাল চৰকাৰৰ আশ্বাসৰ ভিতৰত অন্যতম হৈছে ৰাজ্যৰ ৫৪ টা বিভাগত শিক্ষিত দিব্যাংগসকলক নিযুক্তি দিয়া। এই আশ্বাসৰ ‘সীমা চেৰাই’ যোৱাৰ বাবে এতিয়া ‘প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম’, ‘দৃষ্টিহীন পৰিষদ, অসম’ৰ লগতে অন্যান্য সংগঠনসমূহে এসপ্তাহৰ পাছতেই সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ‘জংগী’ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ‘প্ৰতিবন্ধী সুৰক্ষা সংস্থা’ অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

উল্লেখ্য যে, ৰাজ্যৰ মুঠ ৫৪ টা বিভাগত ২০১৭ চনৰ ১ চেপ্টেম্বৰলৈকে তৃতীয় আৰু চতুৰ্থ বৰ্গত কাম কৰি অহা চাকৰিয়ালৰ সংখ্যা হৈছে মুঠ ১,৮১,৭৮৫ গৰাকী। এইসকলৰ ভিতৰত দিব্যাংগসকলৰ বাবে সংৰক্ষিত ৩ শতাংশ হিচাপত ধৰিলে ৫৩৩১ জন দিব্যাংগই বৰ্তমান ৰাজ্যখনৰ সংশ্লিষ্ট বিভাগত কাম কৰি থাকিব লাগিছিল। তাৰ বিপৰীতে উক্ত দিনলৈকে ৰাজ্যখনত মুঠ ১২৩৩ জন দিব্যাংগইহে সংশ্লিষ্ট বিভাগসমূহত কৰ্মৰত আছিল।

মন কৰিবলগীয়া যে, উপৰোক্ত হিচাপৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে উক্ত দিনটোলৈকে ৪২৯৮ টা পদ দিব্যাংগসকলৰ বাবে খালী হৈ আছিল।

ইপিনে, শিক্ষা বিভাগে সমগ্ৰ ৰাজ্যতে সহযোগী শিক্ষকৰ সংখ্যা দেখুৱাইছিল ৮৮৬ গৰাকী। তাৰ বিপৰীতে শিক্ষা বিভাগে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰৰ আৰ টি আই উত্তৰত প্ৰদান কৰিছিল অন্য এক তথ্য। উক্ত আৰ টি আই তথ্যৰ পৰাই ফাদিল হৈছিল শিক্ষা বিভাগৰ মিথ্যাচাৰ।

আৰ টি আই তথ্য মতে কেৱল ৬ খন জিলা ক্ৰমে কাৰ্বি আংলং, ডিমা হাচাও, নলবাৰী, দৰং, কৰিমগঞ্জ আৰু লখিমপুৰ জিলাতে সহযোগী শিক্ষকৰ সংখ্যা দেখুৱাইছিল ১০,২০৮ জন। এই সংখ্যাৰ পৰা দিব্যাংগসকলৰ বাবে সংৰক্ষিত আসন ৩ শতাংশ হ’লে ৪২৬ জন শিক্ষকে নিযুক্তি পাব লাগিছিল।

তাৎপৰ্য্যপূৰ্ণ কথা যে, আৰ টি আই তথ্য অনুসৰি কেৱল ৬ খন জিলাতে যদি ১০,২০৮ গৰাকী সহযোগী শিক্ষক কৰ্মৰত হৈ আছে, তেন্তে সমগ্ৰ ৰাজ্যতে ইয়াৰ সংখ্যা প্ৰায় ১ লাখ ৫০ হাজাৰ হ’বগৈ।

এই সন্দৰ্ভত চৰকাৰৰ শিক্ষা বিভাগে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সাধাৰণ সম্পাদকগৰাকী। শিক্ষা বিভাগৰ এই কাণ্ডক ‘অতি হাস্যকৰ’ বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত আখ্যা দিয়ে।

ইপিনে, শিক্ষা বিভাগে অহা ৭ দিনৰ ভিতৰত এক সঠিক তথ্য নিদিলে তথা থলুৱাভিত্তিক যোগ্যতা থকা দিব্যাংগসকলক নিযুক্তি নিদিলে ‘সোণোৱাল’ আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে প্ৰতিবন্ধীসকলে।

‘জংগী আন্দোলনৰ সময়ত কোনো আইন শৃংখলা জনিত পৰিস্থিতিৰ উদ্ভৱ হ’লে তাৰ বাবে দায়ী হ’ব চৰকাৰ।‘ এই হুংকাৰ নৃপেন মালাকাৰৰ।

তদুপৰি, মালাকাৰে অহা এমাহৰ ভিতৰত ৰাজ্যৰ ৫৪ টা বিভাগত দিব্যাংগসকলৰ বাবে খালী থকা সকলো পদতে থলুৱাভিত্তিক যোগ্যতাসম্পন্ন দিব্যাংগক নিযুক্তি দিয়াৰ বাবে দাবী জনোৱাৰ উপৰিও নিযুক্তি প্ৰক্ৰিয়া ‘অনলাইন’ নকৰি ‘অফলাইন’ কৰাৰ বাবে দাবী জনায়।

আনহাতে, দিব্যাংগসকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি অহা এমাহৰ মাহেকীয়া হিচাপত এহাজাৰ টকাৰ সলনি দৈনিক ১০০ টকাৰ হিচাপত মাহে ৩ হাজাৰ টকাকৈ মাননি প্ৰদান কৰিবৰ বাবে সোণোৱাল চৰকাৰক আহ্বান জনায়।

উল্লেখ্য যে, দিব্যাংগসকলে ওপৰোক্ত দাবীসমূহৰ উপৰিও যোৱা ২১ ডিচেম্বৰৰ দিনা মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত হোৱা এখন বৈঠকত  গুৱাহাটীত দিব্যাংগসকলৰ বাবে এক জিৰণি গৃহ, শিক্ষক নিযুক্তিৰ বাবে এমাহৰ ভিতৰত প্ৰতিবন্ধীসকলৰ মাজত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা, অহা বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত ৰাজ্যত উচ্চশিক্ষাৰ বাবে দৃষ্টিহীন মহাবিদ্যালয় গঠন কৰাৰ বাবে দাবী জনাইছিল।

অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত সোণোৱাল চৰকাৰে হেৰুৱাবলগীয়া হ’ব পাৰে ৪০ লাখ দিব্যাংগৰ সমৰ্থন তথা এমাহৰ পাছতে সোণোৱালৰ বিৰুদ্ধে গঢ়ি তুলিব জংগী আন্দোলন।