NORTHEAST NOW (Assamese)

ডংগল-২ : আমিৰ খানৰ ছবিত অভিনয় কৰিব অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে!

October 4, 2018 10:23 pm · এন ই নাও নিউজ

অসমবাসীৰ বাবে আন এক সুখবৰ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক অচিৰেই হয়তো দেখা পোৱা যাব বলীউডৰ অভিনেতা আমিৰ খানৰ ছবি ‘ডংগল-২’ত।

প্ৰাপ্ত তথ্য মতে বৰ্তমান নলবাৰীত ভ্ৰাম্যমাণত ব্যস্ত থকা প্ৰস্তুতি পৰাশৰলৈ আজি আমিৰ খানৰ কাৰ্যালয়ৰ পৰা ফোন আহিল।

উল্লেখযোগ্য যে বলীউডৰ অভিনেতা গৰাকী বৰ্তমান ব্যস্ত ‘ডংগল-২’ৰ প্ৰাম্ভিক কামকাজত। আৰু আজি অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ সৈতে এই সন্দৰ্ভত আমিৰ খান প্ৰডাকশ্যনে কথা-বতৰা পাতিছিল।

ভ্ৰাম্যমাণৰ কামকাজত ব্যস্ত থকা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে হয়তো অনাগত দিনত আমিৰ খানৰ ‘ডংগল-২’ত অভিনয় কৰিব পাৰে।

আনহাতে এই খবৰ বিয়পি পৰাৰ লগে লগে অভিনেত্ৰী গৰাকীৰ গুণগ্ৰাহী সকল আনন্দিত হৈ পৰা দেখা গৈছে। আনকি ছচিয়েল মিডিয়াতো এই প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে।

অৱশ্যে অভিনেত্ৰী গৰাকীয়ে আমিৰ খানৰ ছবি ‘ডংগল-২’ত অভিনয় কৰিব নে নকৰে সেয়া অভিনেত্ৰী গৰাকীয়ে এতিয়াও নিশ্চিত কৰা নাই।

Related News