টীয়কত বিশ্ব চাইকেল দিৱস উদযাপন; ১৪ কি:মি: চাইকেল চলাই এই দিৱস পালন স্পীনাৰ ক্লাৱৰ
আজি বিশ্ব চাইকেল দিৱস। প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয় এই দিৱস।
২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেল চালনৰ ফল দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ বাবে প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় দুই শতক কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল।
চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।
আজি যোৰহাট জিলাৰ টীয়কৰ স্পীনাৰ ক্লাৱেও টীয়কৰ পৰা লাহদৈগড়লৈ ১৪ কি:মি: পথত চাইকেল চলাই এই দিৱস পালন কৰে।
উল্লেখযোগ্য যে দলটোৱে কাৰ্যসূচীৰ শেষত টীয়ক আৰক্ষী থানাত এটি গছ পুলি ৰোপন কৰি ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত মাক্স বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে।