যুঁজি হাৰিল ভাৰতঃ ২-০ ব্যৱধানত জয় অষ্ট্ৰেলিয়াৰ

India vs Australia AFC Asian Cup

সমুখত অষ্ট্ৰেলিয়াৰ দৰে এক শক্তিশালী প্ৰতিদ্বন্দী। একপ্ৰকাৰে নিশ্চিতেই আছিল বুলিব পাৰি পৰাজয়। অনুৰাগীৰ শংকা আছিল আৰ্জেণ্টিনাৰ দৰে দলক চাপত পেলোৱা অষ্ট্ৰেলিয়াৰ সমুখত হয়তো দিশহাৰা হৈ পৰিব ভাৰত।

প্ৰত্যাশিতভাৱেই এছিয়ান কাপ অভিযানৰ আজি প্ৰথমখন মেচত শক্তিশালী অষ্ট্ৰেলিয়াৰ বিপক্ষে ২-০ গলত পৰাস্ত হয় ভাৰতীয় দল। কিন্তু এই পৰাজয়তকৈ সুখকৰ আছিল শক্তিশালী অষ্ট্ৰেলিয়াৰ বিপক্ষে আগবঢ়োৱা চমকপ্ৰদ প্ৰদৰ্শন।

প্ৰতিদ্বন্দী অষ্ট্ৰেলিয়া বাদেই, হয়তো ভাৰতীয় অনুৰাগীয়েও আশা কৰা নাছিল এনে প্ৰদৰ্শন! কিন্তু অত্যন্ত মনোবলেৰে আজি কাটাৰৰ আহমদ বিন আলী ষ্টেডিয়ামত জিলিকি উঠে ভাৰতীয় দল। জিলিকি উঠে ভাৰতীয় দলৰ ৰক্ষণ শক্তি।

গ্ৰুপ বিৰ এই প্ৰথম মেচখনত অষ্ট্ৰেলিয়াই আছিল হট ফেভাৰিট। দলটোৱে সেই দৰেই আগবঢ়ায় প্ৰদৰ্শনো। কিন্তু এটা গলৰ মুখ দেখিবলৈ দলটোৱে কৰিব লগা হয় বহু কষ্ট। অষ্ট্ৰেলইয়ান আক্ৰমণক প্ৰতিহত কৰি ভাৰতে দেখুৱায় চমকপ্ৰদ ডিফেন্সিভ শ্ব’।

ভাৰতীয় দলৰ এনে দুৰন্ত ডিফেন্সৰ বাবেই প্ৰথমটো গলৰ বাবে অষ্ট্ৰেলিয়াই অপেক্ষা কৰিব লগা হয় মেচৰ ৫০ মিনিটলৈকে। অৱশে মেচৰ প্ৰাৰম্ভিক সময়ছোৱাত ভাৰতে আক্ৰমণতো দেখাইছিল পাৰদৰ্শিতা।

মেচৰ তিনিমিনিটতে ছাংটেই বাওঁফালৰ পৰা অষ্ট্ৰেলিয়ান গলবক্সলৈ আগবঢ়াইছিল এটা দৰ্শনীয় ক্ৰছ। কিন্ত দলৰ অধিনায়ক তথা আক্ৰমণৰ মূল হোতা সুনীল ছেত্ৰীৰ পৰআ কিছু আঁতৰত পৰে ছাংটেই আগবঢ়োৱা এই ক্ৰছ।

ইয়াৰ পিছতো ভাৰতীয় দলে অষ্ট্ৰেলিয়ান গলবক্সত কেইবাটাও আক্ৰমণ চলায়। সমান্তৰালকৈ বৃদ্ধি পায় অষ্ট্ৰেলিয়াৰ আক্ৰমণো। ইয়াৰ মাজতে ভাৰতে লাভ কৰে গল স্ক’ৰৰ এক সুৱৰ্ণ সুযোগ।

এইবাৰ সোঁফালৰ পৰা নিখিল পূজাৰীয়ে এক নিখুঁত ক্ৰছ গলবক্সলৈ সোমোৱাই দিয়ে। অধিনায়ক ছেত্ৰীয়ে এই ক্ৰছ সংযোগ কৰে যদি তেওঁৰ হেড বাহিৰলৈ যায়। ইয়াৰ পিছত অৱশ্যে বৃদ্ধি পায় অষ্ট্ৰেলিয়াৰ আক্ৰমণ।

কিন্তু ভাৰতীয় দলৰ ৰক্ষণ বিভাগৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে গল স্ক’ৰত বিফল হয় আৰু প্ৰথমাৰ্ধ গলশূন্যভাৱে সামৰণি পৰে। অৱশ্যে দ্বিতীয়াৰ্ধৰ পঞ্চম মিনিটতে সফলতা লাভ কৰে অষ্ট্ৰেলিয়াই।

ভাৰতীয় গলৰক্ষক গুৰপ্ৰীতৰ ভুল কাৰ্যকৰী কৰি জেকচন ইৰভাইনে মেচৰ ৫০ মিনিটত অষ্ট্ৰেলিয়াৰ হৈ প্ৰথমটো গল দিয়ে। তাৰ পিছত ইটোৰ পিছত সিটো আক্ৰমণ চলাই থকা দলটোৰ হৈ ৭৩ মিনিটত জৰ্ডান বছে দইয়ে দ্বিতীয় তথা নিৰ্ণায়ক গল।

পৰাজয়ৰ সন্মুখীন হ’লেও অৱশ্যে মেচখনত ভাৰতৰ প্ৰদৰ্শন সন্তোষজনক বুলিব পাৰি। বিশেষকৈ দিফেন্সত ভাৰতৰ প্ৰদৰ্শন আছিল অত্যন্ত প্ৰশংসনীয়। প্ৰথমাৰ্ধতে মূৰত আঘাত পোৱাৰ পোৱাৰ পিছতো সন্দেশ জিংঘানে বেণ্ডেজ লগায়েই ভেটি ৰাখে অষ্ট্ৰেলিয়াৰ আক্ৰমণ।

জিংঘানলৈ যোজ্ঞ সহযোগিতা আগবঢ়ায় ৰাহুল, শুভাশীস আৰু সুৰেশে। মনবীৰ আৰু নিখিল পূজাৰীয়েও প্ৰতিহত কৰে বিপক্ষৰ কেইবাটাও শ্বট। ডিফেন্সৰ এনে চমকৰ বাবে ভাৰতৰ বিপক্ষে হয় মাত্ৰ দুটা গল।

পৰাস্ত হ’লেও অৱশ্যে এই প্ৰদৰ্শনে ভাৰতক সহায় কৰিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলৰ লগতে ছটা গ্ৰুপৰ চাৰিটা শ্ৰেষ্ঠ তৃতীয় স্থানৰ দলে ১৬ নং নকআউট ৰাউণ্ডলৈ আগবাঢ়িব। গতিকে গল ব্যৱধানৰ হাৰত ভাৰতৰ আজিৰ প্ৰদৰ্শন গুৰুত্বপূৰ্ণ প্ৰমাণিত হ’ব পাৰে।