NORTHEAST NOW (Assamese)

বিশ্ব বেডমিণ্টনত ইতিহাস ৰচা পি ভি সিন্ধুক সাক্ষাৎ ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ

August 27, 2019 5:13 pm · এন ই নাও নিউজ
ফটো উৎস : টুইটাৰ

বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদকেৰে ইতিহাস ৰচা দেশৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুক আজি সাক্ষাৎ কৰে ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে।

উল্লেখ্য যে সিন্ধুৱে দেওবাৰে জাপানৰ প্ৰতিদ্বন্দ্বি নজমি ওকুহাৰাক ২১-৭, ২১-৭ ছেটত পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ বাছেলত অনুষ্ঠিত বিশ্ব চেম্পিয়শ্বিপৰ মহিলাৰ ছিংগলছ শাখাৰ স্বৰ্ণ পদক দখল কৰিছিল।

মন্ত্ৰী গৰাকীয়ে প্ৰথমবাৰৰ বাবে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ জয়ী হৈ ইতিহাস ৰচা তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা পি ভি সিন্ধুক সন্মানিত কৰাৰ কথা টুইটাৰযোগে জনায়।

সাক্ষাতৰ সময়ত মন্ত্ৰী গৰাকীয়ে পি ভি সিন্ধুক ১০ লাখ টকাৰ এখন চেক প্ৰদান কৰে।

ইফালে বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ শাখাত ব্ৰঞ্জ পদক দখল কৰা চাই প্ৰণীথকো আজি ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৪ লাখ টকাৰ চেক প্ৰদান কৰে।

‘মই ভাৰতীয় হিচাবে সঁচাই গৌৰৱ অনুভৱ কৰিছো। মই দেশৰ হৈ যাতে আৰু অধিক পদক দখল কৰিব পাৰো তাৰ চেষ্টা কৰিম’। সংবাদ মাধ্যমৰ আগত এইদৰে কয় পি ভি সিন্ধুৱে।

তেওঁ লগতে কয়, ‘অনুশীলন আৰু চেষ্টাই হৈছে সফলতাৰ মূল মন্ত্ৰ। মোৰ প্ৰতিগৰাকী অনুৰাগীকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। কিয়নো তেওঁলোকৰ মৰম আৰু সমৰ্থনৰ বাবেই আজি মই এই স্থানত উপনীত হৈছো’।

উল্লেখ্য যে বিশ্ব চেম্পিয়নশ্বিপত সিন্ধুৰ এয়া পঞ্চমটো পদক। ইয়াৰ লগে লগে দুবাৰৰ অলিম্পিক গ’ল্ড মেডেলিষ্ট চীনৰ ঝাং নিঙৰ সৈতে যুটীয়াভাৱে এই টুৰ্ণামেণ্টৰ সৰ্বাধিক পদক দখলকাৰী শ্বাটলাৰ হিচাপে পৰিগণিত হয় সিন্ধু।

বিশ্ব চেম্পিয়নশ্বিপত সিন্ধুৱে দুটা ৰূপ, দুটা ব্ৰঞ্জ আৰু এটা স্বৰ্ণ পদক দখল কৰিছে।

Related News