কোভিডত আক্ৰান্ত হ’ল কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু

Kiren-Rijiju

দেশত ক’ৰ’নাৰ দ্বিতীয়টো ঢৌ অহাৰ সময়তে প্ৰতিদিনে লাখৰ ঘৰত লোক কোভিডত আক্ৰান্ত হৈছে।

শেহতীয়াকৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু কোভিডত আক্ৰান্ত হৈছে।

৪৯ বছৰীয়া অৰুণাচল প্ৰদেশৰ ৰাজনীতিকগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ কথা টুইটাৰত প্ৰকাশ কৰিছে।

মন্ত্ৰীগৰাকীয়ে টুইটাৰত এইবুলি উল্লেখ কৰিছে যে কোভিডত আক্ৰান্ত হ’লেও তেওঁ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ আছে।

ৰিজিজুৱে টুইটাৰত এই বুলি কৈছে—‘ মই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছো আৰু সেই মতে চলি আছো।মোৰ সংস্পৰ্শলৈ যিলোক আহিছে তেওঁলোকেও যেন কোভিডৰ পৰীক্ষা কৰোৱাই লয়’।

উল্লেখ্য কেন্দ্ৰীয়  ক্ৰীড়া মন্ত্ৰী ৰিজিজুৱে উত্তৰাখণ্ডৰ তেহৰিত এটা ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিবলৈ গৈছিল।তাতেই তেওঁ কোভিডত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে।