কোকৰাঝাৰত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত স্থানপ্ৰাপ্ত খেলুৱৈক সম্বৰ্ধনা

কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ অনুপ্ৰেৰণামুলক পদক্ষেপ৷

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত স্থানপ্ৰাপ্ত জ্যেষ্ঠ-কনিষ্ঠ সাত গৰাকী খেলুৱৈক সম্বৰ্ধনা৷

আজি ইংৰাজী নৱবৰ্ষ ২০২২ৰ পঞ্চম দিন৷নৱবৰ্ষৰ প্ৰথম সপ্তাহৰ পঞ্চম দিনা আজি খেলুৱৈ সকলক উৎসাহ,অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যৰে কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাই এক সুন্দৰ অনুপ্ৰেৰণামুলক কাৰ্যসূচী ৰূপায়ণ কৰে৷

ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ সুনাম থকা বিটিআৰৰ সদৰ জিলা কোকৰাঝাৰৰ খেলুৱৈ সকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে আজি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত সুনাম কঢ়িয়াই অনাৰ লগতে পদকপ্ৰাপ্ত খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয়৷

কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি কবিৰঞ্জন ব্ৰহ্ম আৰু সম্পাদক প্ৰেমজিত নাৰ্জাৰীৰ সঞ্চালনাত আয়োজিত আজিৰ সম্বৰ্ধনা অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ সাত গৰাকীকৈ জ্যেষ্ঠ-কনিষ্ঠ খেলুৱৈ সকলক একোখনকৈ ফুলাম আৰ’ণাই আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়৷

আজি সম্বৰ্ধিত খেলুৱৈ সকলৰ ভিতৰত আছে ২০২১ চনৰ ডিচেম্বৰ মাহত বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ এছএএফ ফুটবল টুৰ্নামেণ্টত বিটিআৰ অঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰা অপূৰ্ণা নাৰ্জাৰী,দিল্লীত ২০২১ৰ ডিচেম্বৰত আয়োজিত সৰ্বভাৰতীয় কাবাডী দলৰ কোচিং তথা ট্ৰায়েল কেম্পলৈ বাছনিপ্ৰাপ্ৰাপ্ত বিটিআৰৰ শীলা মুছাহাৰী,মৰিগাঁৱত অনুষ্ঠিত ছোৱালীৰ ১৯ বছৰ অনুৰ্ধৰ ফুটবল টুৰ্ণামেণ্টত ৰাণাৰ্ছ আপ ছোৱালী দল৷ইয়াৰোপৰি লক্ষীমপুৰত অনুষ্ঠিত আন্তঃজিলা ছাৱ জুনিয়ৰ আৰ্ছাৰী প্ৰতিযোগিতাত পদকপ্ৰাপ্ত দল,গোৱালপাৰাৰ দুধনৈত অনুষ্ঠিত আন্তঃজিলা ১৯ বছৰ অনুৰ্ধৰ ছোৱালীৰ কাবাডী প্ৰতিযোগিতাৰ ৰাণাৰ্ছ আপ দল৷

শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত আন্তৰ্জাতিক জ্যেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি কোকৰাঝাৰ আৰু অসমৰ সুনাম কঢ়িয়াই অনা জ্যেষ্ঠ খেলুৱৈ ক্ৰমে নিমিন্দ্ৰ ব্ৰহ্ম আৰু মালা কৰ্মকাৰকো উস্ম সম্বৰ্ধনা জনোৱা হয়৷