২৫ আগষ্ট তথা কাইলৈ এছিয়ান গেইমছৰ ৪০০ মিটাৰ দৌৰত অংশ ল’ব অসম কন্যা তথা স্বৰ্ণৰাণী হিমা দাস। সম্প্ৰতি ইয়াক কেন্দ্ৰ কৰি নগাঁও জিলাৰ বৃহত্তৰ ধিং অঞ্চলত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰাৰ লগতে উৎফুল্লিত হৈ পৰিছে হিমাৰ ধিংস্থিত কান্ধুলীমাৰী গাঁওবাসীৰ লগতে সমগ্ৰ ধিং অঞ্চলৰ ৰাইজ।
ইপিনে সমগ্ৰ অসম তথা দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা হিমাৰ সফলতা কামনাৰে নামঘৰ, মন্দিৰ, মছজিদ আদিত আৰম্ভ হৈছে সমূহীয়া প্ৰাৰ্থনাৰ। সকলোৰে আশা চলিত এছিয়ান গেইমছৰ ৪০০ আৰু ২০০ মিটাৰ দৌৰত সকলোকে চেৰ পেলাই হিমাই সোণৰ পদক অৰ্জনেৰে ভাৰতক উজলাই অসমবাসীক বিশ্বৰ বুকুত পুনৰ গৌৰৱান্বিত কৰি তুলিব।
উল্লেখ্য যে হিমাৰ এই সফলতা কামনাৰে বৃহস্পতিবাৰে সন্ধিয়া ধিং নগৰস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰৰ লগতে বিভিন্ন নামঘৰ, মন্দিৰ-মছজিদ আদিত পৃথকে পৃথকে স্থানীয় ৰাইজৰ লগত বিভিন্ন দল-সংগঠনৰ অংশগ্ৰহণেৰে সমূহীয়াভাৱে নাম-কীৰ্তন, বন্তি প্ৰজ্বলন আৰু দোৱা আদি কৰা দেখা যায়।
ইফালে শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত হিমাৰ সফলতা কামনাৰে প্ৰাৰ্থনা জনাই হিমাক উৎসাহ তথা প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে ষ্টেডিয়ামত উপস্থিত থাকি খেল উপভোগ কৰিবলৈ ইতিমধ্যে জাকাৰ্টালৈ ৰাওনা হৈছে ধিং আছুৰ সভাপতি নৱজ্যোতি শইকীয়া আৰু প্ৰাক্তন আছু নেতা ৰুদ্ৰকান্ত শইকীয়া।
আনহাতে কাইলৈ সন্ধিয়া ৭.২০ মিণিটত ট্ৰেকত নামিব স্বৰ্ণৰাণী হিমা। সেয়ে তেওঁৰ সফলতা কামনাৰে ঘৰে ঘৰে এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ সমগ্ৰ ধিংবাসীক আহ্বান জনাইছে ধিঙৰ নাগৰিক মঞ্চই।