আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম: ৪৩ জন জন ভাৰতীয় মাছমৰীয়াক আটক কৰিলে শ্ৰীলংকাৰ নৌ সেনাই

Sri Lankan Navy detains 43 Tamil Nadu fishermen

সামুদ্ৰিক সীমা অতিক্ৰম কৰাৰ বাবে শ্ৰীলংকাৰ নৌসেনাই আজি তামিলনাডুৰ ৪৩ জন ভাৰতীয় মাছমৰীয়াক আটক কৰিছিল আৰু তেওঁলোকৰ পাঁচখন নাও জব্দ কৰে।

মাছমৰীয়াৰ দলটোৱে শনিবাৰে ৰাতিপুৱা অনুমতি স্লিপ লাভ কৰাৰ পিছত ৰামেশ্বৰম এৰিছিল। নেদুন্থিভুৰ ওচৰত লংকান নৌসেনাৰ টহলদাৰী নাওবোৰে তেওঁলোকক আগুৰি ধৰে।

তাৰ পিছত মাছমৰীয়াসকলক সোধা-পোছাৰ বাবে নেদুন্থিভুলৈ লৈ যোৱা হৈছিল। ভাৰতীয় মাছমৰীয়াসকলক কাংগেচন শিবিৰলৈ পঠিয়াব নে তেওঁলোকক ঘৰলৈ উভতি যাবলৈ দিব এই সন্দৰ্ভত শ্ৰীলংকাৰ নৌসেনাই এতিয়াও সিদ্ধান্ত লোৱা নাই।

উল্লেখ্য দুয়োখন দেশৰ মাছমৰীয়াক অজানিতে পৰস্পৰ দেশৰ সীমাত অনাধিকাৰ প্ৰৱেশ কৰাৰ বাবে সঘনাই গ্ৰেপ্তাৰ কৰা হয়।

মাছমৰীয়াৰ বিষয়টো দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কত এটা সমস্যা হিচাপে পৰিগণিত হৈ পৰিছে।