NORTHEAST NOW (Assamese)

Another state of emergency in Sri Lanka: দিশহাৰা শ্ৰীলংকা! পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিয়ে

July 18, 2022 12:25 pm · এন ই নাও নিউজ, গুৱাহাটী

Another state of emergency in Sri Lanka শ্ৰীলংকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহেই দেশখনত পুনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। দেওবাৰে জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে।

প্ৰশাসনে দেশৰ আভ্যন্তৰীণ অস্থিৰতা হ্ৰাস কৰিবলৈ তথা দেশৰ অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰিবলৈ আগ্ৰহী বুলি বিজ্ঞপ্তিটোত কোৱা হয়।

লগতে পঢ়ক: Presidential election 2022: দ্ৰৌপদী মুৰ্মূক লৈ বিজেপিয়ে আদিবাসীৰ ট্ৰাম্পকাৰ্ড খেলিব বিচৰাটো লজ্জাজনক: অখিল গগৈ

“ৰাজহুৱা সুৰক্ষাৰ স্বাৰ্থত, ৰাজহুৱা শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আৰু দেশৰ জনসাধাৰণৰ জীৱনৰ বাবে প্ৰয়োজনীয় সৰবৰাহ তথা পৰিসেৱাসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে এইটো কৰাটো সমীচীন,”-বিজ্ঞপ্তিটোত কোৱা হৈছে।

শ্ৰীলংকাৰ অপসাৰিত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই যোৱা সপ্তাহত তেওঁৰ চৰকাৰৰ বিৰুদ্ধে হোৱা অভ্যুত্থানৰ পৰা ৰক্ষা পাবলৈ বিদেশলৈ পলাই গৈছে। তেওঁ কৈছে যে তেওঁ শ্ৰীলংকাক গ্ৰাস কৰা অৰ্থনৈতিক সংকট পৰিহাৰ কৰিবলৈ “সকলো সম্ভৱ পদক্ষেপ” লৈছিল।

গোটাবায়া ৰাজপাক্ষেৰ পদত্যাগ শুকুৰবাৰে সংসদত গ্ৰহণ কৰা হয়। হাজাৰ হাজাৰ চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীয়ে এসপ্তাহ আগতে কলম্বোৰ ৰাজপথলৈ ওলাই আহিছিল। তেওঁলোকে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱন আৰু কাৰ্যালয় দখল কৰিছিল। তাৰ পিছতে গোটাবায়া প্ৰথমে মালদ্বীপলৈ আৰু তাৰ পিছত ছিংগাপুৰলৈ পলাই যায়।

লগতে পঢ়ক: Gunman killed 3 in US Mall: আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বপিং মলত বন্দুকধাৰীৰ আক্ৰমণত নিহত ৩ জন

নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ শ্ৰীলংকাৰ সংসদে শনিবাৰে এক বৈঠকত মিলিত হৈছিল। সংকট বিধ্বস্ত দেশখনক কিছু সকাহ দিবলৈ ইতিমধ্যে কিছু ইন্ধন দেশখনত আহি পৰিছে।

Related News