নিষিদ্ধ হ’ল ‘টাইট ফিটিং’ আৰু ‘উত্তেজক’পোছাক : কোনে দিলে এই নিৰ্দেশ?

পিন্ধিব নোৱাৰিব টাইট জিন্স আৰু পুৰুষে পিন্ধা চেণ্ডেল!

SSUhS

প্ৰতিনিধিত্বমূলক ফটো

চিকিৎসা প্ৰতিষ্ঠানৰ চৌহদত নিষেধাজ্ঞা টাইট ফিটিং আৰু উত্তেজক পোছাক পৰিধানত। শিক্ষক, বিষয়া কৰ্মচাৰী সকলোৰে বাবে প্ৰযোজ্য হ’ল এই নিষেধাজ্ঞা। যোৱা ২৬ এপ্ৰিলৰ দিনা শ্ৰীমন্ত শংকৰদেৱ য়ুনিভাৰচিটী অৱ হেল্থ চায়েন্সৰ উপাচাৰ্য্য ড০ দীপিকা ডেকাই এক জাননীযোগে জাৰি কৰিছে এই নিৰ্দেশনা।

উল্লেখ্য যে, চিকিৎসা প্ৰতিষ্ঠানৰ ভিতৰত এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে ‘উত্তেজক’ কাপোৰ পিন্ধাৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনা বুলি জাননীৰ প্ৰথমতে উল্লেখ কৰিছে উপাচাৰ্য্যগৰাকীয়ে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষকৰ সু-সম্পৰ্ক বজাই ৰাখিবৰ বাবে সাজ-পোছাকৰ ক্ষেত্ৰত অনা হৈছে এই নিষেধাজ্ঞা।

উপাচাৰ্য ড০ দীপিকা ডেকাই জাৰি কৰা জাননীখন।

ইপিনে, ডেকাই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি বিশ্ববিদ্যালয়ৰ চৌহদত নিষিদ্ধ ১৬ বিধ কাপোৰ। তাৰ ভিতৰত পাৰ্টী অথবা বনভোজ খাবলৈ পিন্ধি যোৱা কাপোৰ, টি-চাৰ্ট, টাইট ফিটিং, উত্তেজক কাপোৰ(মাইক্ৰ’ মিনিছ, গ’জী, ফ্লিমছি, ট্ৰাইপাৰেন্ট, লেগিংছ, ব্যায়াম কৰোঁতে পিন্ধা টাইট কাপোৰ, চুটী কাপোৰ, পুৰুষে পিন্ধা চেণ্ডেল) আৰু বহু মূল্যৰ জাক-জমকীয়া আ-অলংকাৰ পৰিধান কৰাৰ ক্ষেত্ৰত আনিছে নিষেধাজ্ঞা।

অৱশ্যে ধৰ্মীয় ৰীতি-নীতি, প্ৰতিবন্ধী আৰু অন্যান্য অনুৰূপ পৰিস্থিতিৰ বাবে কেইবিধমান নিৰ্দিষ্ট সাজ-পোছাকক তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি জাননীখনত উল্লেখ আছে।

জাননী মতে ‘ড্ৰেছ কোড’ ভংগকাৰীসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব শাস্তিমূলক ব্যৱস্থা।

এই জাননীৰ পাছতেই এই বিশ্ববিদ্যালয়ৰ অধীনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন কনিষ্ঠ চিকিৎসকে নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘’এই ব্যৱস্থা অতি উত্তম, ইয়াক আমি আদৰণি জনাইছো। ঠাই ভেদে সাজ-পোছাকৰ পিন্ধন পদ্ধতি বেলেগ বেলেগ হ’ব লাগে। মহাবিদ্যালয়লৈ পিন্ধি অহা সাজ-পোছাক সদায় মাৰ্জিত হ’ব লাগে।‘’

উল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় এই বিশ্ববিদ্যালয়ৰ অধীনত আছে।