NORTHEAST NOW (Assamese)

২২ দিনীয়া কাৰাৰুদ্ধ জীৱনৰ অন্তত আজি স্বগৃহত উপস্থিত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা

January 20, 2020 8:07 pm · পাৰ্শ্বজ্যোতি গগৈ
শৃংখল চলিহা

নাগৰিকত্ব (সংশোধন) আইন চমুকৈ ‘কা’ বিৰোধী আন্দোলনত অংশ লৈ কাৰাবাস খাটিবলগীয়া হোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কাৰগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত আজি  বীৰদৰ্পে শিৱসাগৰৰ স্ব-বাসগৃহত উপস্থিত হয়।

বীৰ লাচিত সেনাৰ নেতা গৰাকীক স্বগৃহত উপস্থিত হোৱাৰ সময়তে অঞ্চলবাসী ৰাইজ আৰু সংগ্ৰামী সতীৰ্থ সকলে উষ্ম আদৰণি জনায়।

গৌৰী সাগৰৰ পৰা এক বৃহৎ বাইক সমদলেৰে শৃংখল চলিহাক স্বগৃহলৈ আদৰি অনা হয়।

ইয়াৰ পূৰ্বে, গৌৰীসাগৰ, ভটিয়াপাৰ, জয়সাগৰ আৰু বীৰ লাচিত সেনাৰ মূখ্য কাৰ্যালয়ত কৰ্মীসকলে চলিহাক আদৰণি জনায়।

স্বগৃহত উপস্থিত হৈয়ে শৃংখল চলিহাই অনাগত দিনত শিৱসাগৰৰ পৰা নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ হ’ব বুলি মন্তব্য কৰে।

ঐক্যবদ্ধ ‘কা’ বিৰোধী সংগ্ৰামত শিৱসাগৰবাসীৰ সহায় সহযোগিতা কামনা কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে।

উল্লেখযোগ্য যে, CAA-বিৰোধী আন্দোলনৰ মাজতে কেইবাটাও অভিযোগত ২৩ ডিচেম্বৰত শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

শৃংখল চলিহাৰ হৈ অধিবক্তা উপমান্যু হাজৰিকাই ন্যায়ালয়ত চলিহাৰ মুক্তি বিচাৰি যুক্তি দৰ্শাইছিল।

Related News