গুৱাহাটীত চলি থকা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত জুনিয়ৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাৱান যুৱ ভাৰত্তোলক গোলাপ গগৈয়ে।
সোমবাৰে ভাৰত্তোলনৰ ২১ বছৰ অনূৰ্দ্ধ ৮১ কিলোগ্ৰামৰ ক্লীন এণ্ড জাৰ্ক ইভেণ্টত নতুন অভিলেখ গঢ়ে গোলাপ গগৈয়ে।
নিজৰ ব্যক্তিগত প্ৰদৰ্শনৰ বিষয়ে ১৯ বৰ্ষীয় ভাৰত্তোলক গৰাকীক সোধাত তেওঁ পৰৱৰ্তী সময়ত আগশাৰীৰ প্ৰতিযোগিতা সমূহত অধিক উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰিব বুলি মত প্ৰকাশ কৰে।
গগৈয়ে স্নেতছত ১২০ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১৫৫ কিলোগ্ৰাম সহ মুঠ ২৭৫ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি সোণৰ পদক দখল কৰে।
‘‘অভিলেখ ভংগ কৰিবলৈ পাৰি মোৰ ভালেই লাগিছে কিন্তু ইয়াতকৈও ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ পাৰিলে আৰু অধিক সুখী হলোহেতেন, তথাপি ঘৰত ভাল প্ৰদৰ্শন দাঙি ধৰি মই সুখী,’’ গগৈয়ে কয়।
অসমৰ ডিব্ৰুগড়ৰ ভাৰত্তোলক গৰাকীয়ে কমনৱেলথ গেমছৰ ট্ৰায়েলছৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।
‘‘২০১৪ চনৰ পৰাই মই ডিব্ৰুগড়ত ভাৰত্তোলনৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিলো। তাৰ পাছত মই ভাৰতীয় সেনা বাহিনীত ভৰ্তি হওঁ আৰু বৰ্তমান মই পাটিয়ালাত ভাৰত্তোলনৰ প্ৰস্তুতি চলাই আছো,’’ গগৈয়ে লগতে কয়।
খেলো ইণ্ডিয়া য়ুথ গেমছত বৰ্তমানলৈ আয়োজক অসমে ১৫ টা সোণ, ১৪ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক সহ মুঠ ৪৫ টা পদকেৰে পদক তালিকাৰ সপ্তম স্থানত আছে।