NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ বাবে বহুকেইটা পৰীক্ষাৰ দিন পিছুৱাই দিলে SSC-এ

March 25, 2020 3:51 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ক’ৰ’না ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ষ্টাফ চিলেকশ্যন কমিছন (SSC)ৰ অধীনত মাৰ্চ আৰু এপ্ৰিল মাহত বিভিন্ন বিভাগত অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষাসমূহ বাতিল কৰা হৈছে।

SSCৰ ফালৰ পৰা প্ৰকাশিত এখন বিজ্ঞপ্তিৰ মতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF), ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA) আৰু বিশেষ নিৰাপত্তা বাহিনীত কনিষ্টবল (GD) পদ তথা অসম ৰাইফলছত ৰাইফলমেন (GD) পদৰ বাবে হ’ব লগীয়া পুনৰ স্বাস্থ্য পৰীক্ষা (RME) পিছুৱাই দিয়া হৈছে। উক্ত পৰীক্ষা ২৪ মাৰ্চৰ পৰা ৩০ এপ্ৰিললৈ হোৱাৰ কথা আছিল।

ইয়াৰ উপৰি ১৭২৩ গৰাকী প্ৰাৰ্থীৰ বাবে ২৬ মাৰ্চৰ পৰা ৭ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া বিতং স্বাস্থ্য পৰীক্ষায়ো (DME) পিছুৱাই দিয়া হয়।

আনহাতে ২৩ মাৰ্চৰ পৰা ৩০ মাৰ্চলৈকে হ’বলগীয়া দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শক পদত বিতং স্বাস্থ্য পৰীক্ষা হ’বলগীয়া থকা প্ৰাৰ্থীসকলৰ পৰীক্ষায়ো পিছুৱাই দিয়া হ’ল।

Related News