NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ বতৰ, ৰাজপথত ওলাইছে লাখে লাখে টকা! এইবাৰ বৰপেটাত

March 9, 2021 3:51 pm · শশাংক তালুকদাৰ
প্ৰতিনিধিত্বমূলক ছবি

নিৰ্বাচনত অবৈধ ধনৰ লেনদেন ৰোধ কৰাৰ উদ্দেশ্যে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত চলি থকা স্থিৰ নিৰীক্ষণকাৰী (SST) দলৰ তালাচী অভিযানত যোৱা নিশা এখন বাহনৰ পৰা ১৯.৫৫ লাখ টকা জব্দ কৰা হয়।

বাঘবৰ অভিমুখে গৈ থকা এ এছ ০১ বিডি ৬২৬১ নং এখন বলেৰো গাড়ীত গৈ থকা তিনিজন লোকৰ পৰা এই ধনখিনি জব্দ কৰা হয়।লোক কেইজন হল – আশ্ৰাফুল ছিকদাৰ, ছুবান আলী আৰু মফিদুল ইছলাম।

তেওঁলোকে টকাৰ উৎস সন্দৰ্ভত কোনো নিৰ্ভৰযোগ্য তথ্য দাখিল কৰাত ব্যৰ্থ হোৱাত টকাখিনি জব্দ কৰি নিশাই বৰপেটা কোষাগাৰত জমা কৰি ৰখা হয়।

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ নিৰ্দেশ ক্ৰমে কালি নিশাৰ এই তালাচী অভিযানৰ নেতৃত্ব দিয়ে বৰপেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল কুমাৰ দাসে।

নিৰ্বাচনত ভোটাৰক প্ৰভাবিত কৰাৰ উদ্দেশ্যে অবৈধ ধনৰ সৰবৰাহ বন্ধ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে গ্ৰহণ কৰা তৎপৰতাৰ অংশ হিচাপে এই ধনখিনি জব্দ কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

উল্লেখযোগ্য যে, এইবাৰৰ নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পিছত এই পৰ্যন্ত ৰাজ্যত জব্দ হোৱা এয়াই সৰ্বাধিক পৰিমাণৰ ধন।

এতিয়ালৈকে জিলাখনৰ কলগাছিয়া, বাঘবৰ আৰু বৰপেটাত তিনিটা সুকীয়া অভিযান মুঠ ২২লাখ ৬১০০ টকা জব্দ কৰা হৈছে বুলি জনসংযোগ বিষয়াই জনাইছে।

Related News