জনজাতিকৰণঃ বোকা ছটিওৱাৰ খেল বন্ধ কৰাৰ দাবী কোচ ৰাজবংশী জাতীয় পৰিষদৰ

koch-rajbanshi-sangram-samiti

প্রতিনিধিত্বমূলক ছবি

কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ ক্ষেত্ৰত অসম চৰকাৰৰ মন্ত্ৰী মণ্ডলীয়ে কোনো ধৰণৰ প্ৰতিবেদন আজিকোপতি কেন্দ্ৰীয় চৰকাৰক দাখিল নকৰাত জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কোনোধৰণৰ পদক্ষেপ ল’ব পৰা নাই বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিশেশ্বৰ টুডুৱে সাংসদ ৰিপুণ বৰাৰ প্ৰশ্নৰ উত্তৰত সংসদত সদৰি কৰা কাৰ্যত কোচ ৰাজবংশী জাতীয় পৰিষদে গভীৰ ক্ষোভ প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত বোকা ছটিওৱাৰ খেল বন্ধ কৰি জনজাতিকৰণ কৰা হ’ব নে নহ’ব সেই সম্পৰ্কে স্পষ্টকৈ উত্তৰ দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনাইছে ৷

কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে বিগত কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপিৰ কেন্দ্ৰীয় আৰু অসম চৰকাৰেও কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি কেৱল নিৰ্বাচনী টোপ হিচাপে দিয়াটো বন্ধ কৰক।

বৰ্মন আৰু ৰায়ে কেন্দ্ৰ আৰু অসমত বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ থকা সত্ত্বেও জনজাতিকৰণৰ বিষয়টোক লৈ হোহকা পিচলা কৰাটো কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে চৰম দুৰ্ভাগ্য জনক বুলি উল্লেখ কৰি বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীমণ্ডলৰ অধ্যক্ষ হিচাবে যি তৎপৰতাৰে জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত যেনে ধৰণে পদক্ষেপ লৈছিল সেয়া হঠাৎ স্তব্ধ হৈ পৰাটো গভীৰ ষড়যন্ত্ৰমূলক বুলি নেতাদ্বয়ে কয়।

কোচ ৰাজবংশী জাতীয় পৰিষদৰ নেতাদ্বয়ে বিবৃতিটোত লগতে সজোৰে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্ম্মাই অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত যি প্ৰতিশ্ৰুতি দিছিল সেয়া কাৰ্যকৰী কৰাৰ্থে কেন্দ্ৰীয় চৰকাৰক মন্ত্ৰী মণ্ডলীৰ প্ৰতিবেদন দিয়া হ’ব নে নহ’ব স্পষ্টকৈ ঘোষণা কৰিবলৈ দাবী জনাই ৰাজ্য আৰু কেন্দ্ৰত ডাবল ইঞ্জিন থকা চৰকাৰখনে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সমস্যাটো সমাধান কৰি নি:শেষ হ’বলৈ ধৰা জনগোষ্ঠীটোক সাংবিধানিক ৰক্ষা কৱচ দি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ তৎপৰতাৰে লবলৈকো আহ্বান জনায়।