বিগত চাৰি-পাঁচ মাহে অশান্ত হৈ আছে মণিপুৰ ৰাজ্য। দৈনিক হিংসা হত্যাৰে জৰ্জৰিত হৈ আছে ৰাজ্যখন। মণিপুৰত শান্তি স্থাপনত ব্যৰ্থ হৈছে মণিপুৰৰ ৰাজ্য চৰকাৰ কিম্বা কেন্দ্ৰৰ বিজেপি চৰকাৰ।
ইয়াৰ মাজতে মণিপুৰবাসীলৈ এটা ভাল খবৰ দিলে ভাৰতীয় ষ্টেট বেংক। ভাৰতীয় ষ্টেট বেংকৰ পৰা ঋণ লোৱা মণিপুৰবাসীলৈ ১২ মাহৰ কিস্তি ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে বেংক কৰ্তৃপকক্ষই।
এই সন্দৰ্ভত বৃহস্পতিবাৰে এছ বি আইয়ে প্ৰকাশ কৰিছে এক অধিসূচনা। ইয়াত কোৱা হৈছে যে এই সুবিধা অহা ১২ মাহৰ বাবে লাভ কৰিব পাৰিব। কিন্তু যিসকলৰ একাউণ্ট ইতিমধ্যে বেংকে নন-পাৰফৰ্মিং এচেট বুলি ঘোষণা কৰিছে তেওঁলোকে এই সুবিধা নাপাব।
যোৱা মে’ মাহৰ পৰা মণিপুৰত গোষ্ঠীগত সংঘাতৰ সৃষ্টি হৈছে। মেইটেই জনগোষ্ঠী আৰু কুকি জনজাতিৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। এই হিংসাত এতিয়ালৈকে ১৬০ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৬০ হাজাৰতকৈও অধিক লোক গৃহহীন হৈ পৰিছে।
ইয়াৰ মাজতেই সৰ্ববৃহৎ চৰকাৰী বেংকটোৱে মণিপুৰবাসীক সুখবৰ দিলে। উল্লেখ্য যে, হিংসাত্মক পৰিৱেশত মণিপুৰৰ বহু লোকে উপাৰ্জন হেৰুৱাই পেলাইছে। এনে পৰিস্থিতিত ষ্টেট বেংকে কৰা ঘোষণাই বহুতকে সকাহ দিব বুলি আশা কৰা হৈছে।