অগপ-বিজেপিৰ মিত্ৰতাৰ লুকাভাকু : আকৌ অমিত শ্বাহক সাক্ষাৎ ৰাজ্যিক বিজেপিৰ

Ranjeet Das (1)

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফাইল ফটো

‘’আমি পোনপটীয়াকৈ নকওঁ, অগপ নিজেই ওলাই যাওঁক।‘’ সংবাদ মাধ্যমৰ আগত এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।

উল্লেখ্য যে, বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বিষয়ববীয়াৰ সভাত অংশগ্ৰহণ কৰাৰ পাছত অমিত শ্বাহক সাক্ষাৎ কৰি মিত্ৰতাৰ সন্দৰ্ভত এক প্ৰতিবেদন দাখিল কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাই।

দাসে সংবাদ মাধ্যমৰ আগত কৰা এই মন্তব্যই অগপৰ সৈতে বিজেপিৰ মিত্ৰতাত থাকিবলৈ ইচ্ছা নথকাৰ ইংগিত বহন কৰিছে।

ইপিনে, ‘অগপই মিত্ৰতাৰ ধর্ম পালন কৰা নাই’ বুলি মন্তব্য কৰি তেওঁ লগতে অগপক উনুকিয়াই দি কয়, ‘’বিজেপিয়ে নিজৰ ফালৰ পৰা পোনপটীয়াকৈ নকয় যিহেতু বিজেপিয়ে নিজেই মিত্ৰতা কৰিছে। মিত্ৰতাত আছে যেতিয়া মিত্ৰতাৰ ধৰ্মটো পালন কৰিব লাগে অগপই।‘’

‘’মিত্ৰতাত থাকিও কংগ্ৰেছৰ সৈতে গোপন যোগাযোগ ৰখা, বিজেপিৰ নেতাক মুকলিকৈ গালি পৰা, এইবোৰ সহ্য কৰিব নোৱাৰি,‘’- এই অভিযোগ দাসৰ।

আনহাতে, দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো পুনৰবাৰ অগপক উনুকিয়াই দিয়ে যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিলে কোনে কাৰ বোকোচাত উঠি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। লগতে হিমন্তই অসম গণ পৰিষদক পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত আত্ম-সমালোচনা কৰিবৰ বাবে আহ্বান জনায়।

আনহাতে, বিজেপিৰ এক বিশেষ সূত্ৰই আমাৰ আগত কেতবোৰ চাঞ্চল্যকৰ বক্তৱ্য প্ৰকাশ কৰে।

সুত্ৰ অনুসৰি অগপক ৰাজ্যসভাৰ আসন লাগে। সুত্ৰটোৱে লগতে আমাক জানিবলৈ দিয়ে যে ৰাজ্য সভাৰ তিনিখন আসন খালি হৈ থকাৰ বাবে সেইকেইটা অগপৰ প্ৰাৰ্থীক লাগে।

‘’বীৰেন্দ্ৰ কুমাৰ বৈশ্য আৰু কুমাৰ দীপক দাসক লাগে ৰাজ্যসভা,‘’- সূত্ৰটোৰ মন্তব্য।

আনহাতে, অসম গণ পৰিষদৰ তিনিজন মন্ত্ৰী থকাৰ পাছতো আৰু এজন কেবিনেট মন্ত্ৰী বিচাৰি আছে বুলিও সূত্ৰটোৱে দাবী কৰে।  কিন্তু বিজেপি চৰকাৰে দিয়া নাই বাবে অগপই এইদৰে হুলস্থুল কৰি থকা বুলি সূত্ৰটোৱে ব্যক্ত কৰে।

ক্ষমতাৰ লোভত অগপই এনেদৰে নাটক কৰি আছে বুলি কয় সূত্ৰটোৱে। লগতে সূত্ৰটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মিত্ৰজোঁটত নাথাকো বুলি কৰা মন্তব্যটো একপ্ৰকাৰৰ নাটক আখ্যা দিয়ে।

তদুপৰি, এই নাটকখনেৰেই অগপই পঞ্চায়ত দখল কৰিব পাৰিম বুলি ভাবিছিল বুলি সূত্ৰটোৱে আমাৰ আগত প্ৰকাশ কৰি অগপৰ সেই নাটকে কাম নিদিলে বুলি সদৰী কৰে।

কিন্তু কিমান পৰ্য্যায়লৈকে অপমান সহ্য কৰি বিজেপিৰ সৈতে মিত্ৰতাত থাকিব অসম গণ পৰিষদ? বিজেপিৰ নেতৃবৃন্দই তীব্ৰ বাক্যবাণ বৰ্ষণ কৰাৰ পাছতো কেটকুটেই নকৰা অগপক লৈ এই প্ৰশ্ন কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলে।

তদুপৰি, অগপ সভাপতি বৰাই বাৰম্বাৰ ‘’নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে মিত্ৰজোঁট ত্যাগ কৰিম’’ বুলি সংবাদ মাধ্যমত উদাত্ত কণ্ঠেৰে কৈ আছে যদিও আৰু কিমান পৰ্য্যায়লৈ তেওঁলোকে বিজেপি নেতাৰ কটু বাক্য সহ্য কৰি যাব?